Local, Vocal, Global

ধর্ষণ নকৰাকৈয়ে ২০ বছৰ জেল খালে উত্তৰ প্ৰদেশৰ বিষ্ণু তিৱাৰীয়ে

বিষ্ণু তিৱাৰী নামৰ এজন উত্তৰ প্ৰদেশৰ লোকক ২৩ বছৰ বয়সত ধর্ষণৰ অভিযোগত বিহা হৈছিল যাৱজ্জীৱন কাৰাদণ্ড। অভিযুক্ত বিষ্ণু তিৱাৰীয়ে সেই সময়ত নিজৰ বাবে এজন অধিবক্তা নিয়োগ কৰিবলৈ সক্ষম নাছিল। তেওঁ কৰিব পৰা একমাত্ৰ কামটো আছিল, বাৰম্বাৰ দাবী কৰা যে তেওঁ নির্দোষী। পিছে ২৩ বছৰ বয়সত সঠিক প্ৰমাণ নথকা সত্ত্বেও আদালতে  বিষ্ণুক বিহিছিল কাৰাদণ্ড । যোৱা ২০ বছৰে কাৰাগাৰত কটোৱাৰ পিছত এলাহাবাদ উচ্চ ন্যায়ালয়ে তেওঁক নির্দোষী বুলি ঘোষণা কৰে। আগ্ৰাৰ কেন্দ্ৰীয় কাৰাগাৰৰ জ্যেষ্ঠ অধীক্ষক ভি কে সিঙে এই বিষয়ে মন্তব্য কৰে যে ‘বিষ্ণু তিৱাৰীক সোনকালে মুক্তি দিয়া হ’ব আৰু দুর্ভাগ্যজনক যে তেওঁ দুটাকৈ দশক বিনা দোষত কাৰাগাৰত কটাবলগীয়া হ’ল’।

বিষ্ণু তিৱাৰীয়ে ইউ পিৰ ললিতপুৰ নামৰ গাওঁ এখনত দেউতাক আৰু দুই ভাতৃসহ বসবাস কৰিছিল। কিন্তু উল্লেখ্য যে ২০ বছৰীয়া কাৰাদণ্ডৰ কালত বিষ্ণুৰ পৰিয়ালৰ আটাইকেইজন লোকৰে মৃত্যু হয়।