Local, Vocal, Global

কৰ’নাৰ দ্বিতীয় টিকা লৈ মৃত্য়ুক সাবতিলে মহাৰাষ্ট্ৰৰ এজন লোকে

মঙ্গলবাৰে মহাৰাষ্ট্ৰৰ ভিয়াণ্ডিৰ এখন চিকিৎসালত কৰ’না ভেকচিনৰ দ্বিতীয় পালি গ্রহণ কৰাৰ কিছু সময়ৰ পাছত এজন লোকৰ মৃত্যু হয় । ৪৫ বছৰীয়া সুষদেৱ কিৰদিতক মঙ্গলবাৰে পুৱা প্ৰায় ১১ বজাত কৰ’না ভেকচিনৰ দ্বিতীয়টো পালি দিয়া হৈছিল । ভেকচিন লৈ অপেক্ষা গৃহত বহি থাকোতে মূৰ ঘূৰণী হোৱা বুলি অভিযোগ কৰে কিৰডিটে । লগে লগে তেওঁক ওচৰৰ চিকিৎসালয় এখনত ভর্তি কৰোৱা হয় । কিন্তু চিকিৎসালয়খনে তেঁওক মৃত বুলি ঘোষণা কৰে ।
ভিয়াণ্ডি নিজামপুৰ পৌৰনিগমৰ স্বাস্থ্য বিষয়া ডঃ কে আৰ খাৰাটে কয় যে , কিৰদিতৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পাছতহে এই বিষয়ে জানিব পৰা যাব ।
কিৰদিতৰ পৰিয়ালে কয় যে তেওঁ এজন সুস্থ সবল ব্যক্তি । আৰু তেওঁ ৰাতিপুৱা সম্পূৰ্ণ সুস্থভাৱে ঘৰৰ পৰা ওলাই গৈছল তেওঁ ।