কৃষকৰ সমর্থনত এইবাৰ প’র্ন ষ্টাৰ মিয়া খালিফা

ৰিহানাৰ পাছত কৃষক আন্দোলনৰ সমর্থনত এইবাৰ প’র্ন ষ্টাৰ মিয়া খালিফা। টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে কৃষকক সমর্থন জনাই মিয়াই কৰিলে পোষ্ট। ইণ্টাৰনেট কর্তনক লৈ প্ৰশ্ন মিয়াৰ। নিজৰ ইনষ্টা ষ্ট’ৰীত কৃষক আন্দোলনৰ এখন ফটো শ্বেয়াৰ কৰি কেপশ্বনত লিখে- ‘কৃষক আন্দোলন চলি থকাৰ বাবেই ইণ্টাৰনেট কাটি দিয়া হৈছে, এইবোৰ কি হৈছে?’ ইয়াৰ উপৰিও মিয়াই নিজৰ টুইটাৰত কৃষক আন্দোলনৰ ফটো শ্বেয়াৰ কৰি টুইটযোগে প্ৰকাশ কৰে দিল্লীত কেনেকৈ ইণ্টাৰনেট কর্তন কৰি চৰকাৰ-প্ৰশাসনে খর্ব কৰিছে মানৱ অধিকাৰ।
What in the human rights violations is going on?! They cut the internet around New Delhi?! #FarmersProtest pic.twitter.com/a5ml1P2ikU
— Mia K. (@miakhalifa) February 3, 2021
মিয়াই আন এক টুইটযোগে বলীউডৰ একাংশ অভিনেতা-অভিনেত্ৰীক কটাক্ষ কৰি ‘মই কৃষকৰ সৈতে আছো’ বুলি মন্তব্য কৰে।