Local, Vocal, Global

অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতাত মোহৰ

অৱশেষত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতাত মোহৰ। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি কাৰাৰুদ্ধ অখিল গগৈৰ মাজত সাক্ষাতৰ পিছতেই ঘোষণা লুৰীণজ্যোতি গগৈৰ। লুৰীণজ্যোতিসহিতে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই বৃহস্পতিবাৰে জি এম চি এইচত সাক্ষাৎ কৰে অখিল গগৈক। অখিল গগৈক সাক্ষাৎ কৰি নেতাজনৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে মিত্ৰতা সন্দর্ভত আলোচনাত মিলিত হয়। লুৰীণজ্যোতি গগৈৰ দাবী- চৰকাৰে আক্ৰোশমূলকভাৱে বন্দী কৰি ৰাখিছে কৃষক নেতা অখিল গগৈক। শীঘ্ৰেই অখিল গগৈক মুকলি কৰি দিয়াৰ আহ্বান লুৰীণজ্যোতিৰ।

ইয়াৰ পূর্বে বিপিএফৰ সৈতেও মিত্ৰতা সন্দর্ভত আলোচনা হৈছিল ৰাইজৰ দলৰ। বিপিএফৰ সৈতে ৰাইজৰ দলৰ আলোচনা ইতিবাচক আছিল বুলি ঘোষণা কৰিছিল ৰাইজৰ দলৰ নেতৃত্বই। যদি সেয়ে হয় তিনিওটা আঞ্চলিক দলৰ মিত্ৰতা প্ৰায় চূড়ান্ত বুলি ক’ব পাৰি। ২০২১ৰ বিধানসভা নির্বাচনত আঞ্চলিক দলৰ মিত্ৰ শক্তিয়ে শাসনাধিষ্ঠ বিজেপিৰ অংকত যে খেলিমেলি লগাব সেয়া প্ৰায় নিশ্চিত। কিন্তু বর্তমানেও কোনো এটা দলৰ প্ৰতিনিধিয়ে আসনৰ ভাগ বটোৱাৰাক লৈ কৰা নাই কোনো মন্তব্য। লুৰীণজ্যোতি গগৈৰ মন্তব্য- মিত্ৰশক্তি এক হৈ ১২৬টা সমষ্টিতেই প্ৰার্থিত্ব আগবঢ়াব আঞ্চলিক দল দুটাই।