Local, Vocal, Global

ছেফ-কৰিণাৰ ফৰচুন হাইটছৰ বাহিৰত টহল নিৰাপত্তা বাহিনীৰ

ছেফ আলী খান অভিনীত  ৱেব ছিৰিজ তাণ্ডৱক লৈ সূত্ৰপাত হৈছে তুমুল বিতৰ্কৰ।  ডিম্পল কাপাড়িয়া, সুনীল গ্ৰভাৰ, গৌহৰ খান আৰু জিশান আয়ুবৰ দৰে তাৰকাই অভিনয় কৰা ৱেব ছিৰিজ তাণ্ডৱ ৰিলিজ দিয়াৰ পিছৰে পৰা আৰম্ভ হৈছে বিতৰ্কৰ।  ছিৰিজৰ এটা দৃশ্যৰ পৰা সৃষ্টি হৈছে এই তুমুল বিতৰ্কৰ।  জিশান আয়ুবে ভগৱান শিৱৰ বেশ লৈ অভিনয় কৰা এটা দৃশ্যক লৈ সৃষ্টি হৈছে বিতৰ্কৰ।  লগতে ৱেব ছিৰিজখনৰ একাংশ সংলাপক লৈয়ো আপত্তি দৰ্শোৱা হৈছে আৰু তাণ্ডৱৰ এই সংলাপসমূহক লৈ ধাৰ্মিক অনুভূতিক আঘাত কৰাৰো অভিযোগ তুলিছে একাংশই।  আনহাতে ‘তাণ্ডৱ’ক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবে  ছেফ আলী খানৰ বাসসৃহ ফৰচুন হাইটছৰ বাহিৰত মোতায়েন কৰিবলগীয়া হৈছে নিৰাপত্তা বাহিনী।