জেচিবিত উঠি ক’লৈ ছানি লিয়নী?
সাধাৰণতে সংবাদৰ শিৰোনাম দখল কৰে বলীউডৰ জনপ্ৰিয় নায়িকা ছানি লিয়নীয়ে। কিন্তু শেহতীয়াকৈ ছানিয়ে টুইটাৰ তথা সামাজিক মাধ্যমত পোষ্ট কৰা কেইখনমান ফটো ভাইৰেল হৈ পৰিছে। ছানি লিয়নীয়ে শেহতীয়াকৈ Instagramত পোষ্ট কৰিছে জেচিবিৰ সৈতে এখন ফটো। যি ফটোক লৈ চর্চা চলিছে ছানিৰ অনুৰাগীৰ মাজত।

ফটোখন আপলোড কৰি ছানিয়ে লিখিছে ‘JCBkikhudai is back again’ আৰু ফটোখনত অনুৰাগীৰ কমেণ্ট ‘আপুনি জেচিবি চলাব নেকি?’ ইফালে আন এজনে আকৌ লিখিছে ‘ছানিয়ে জেচিবিত উঠি কংগনা ৰানাৱটৰ ঘৰলৈ গৈ আছে’। এই ফটোখন দেখি আন বহুতেই আকৌ ধাৰণা কৰিছে যে ছানিয়ে পুনৰ অভিনয় আৰম্ভ কৰিব। ছানিয়ে এনে ফটো আপলোড কৰা এয়াই প্ৰথম নহয়। ইয়াৰ পূর্বেও বিভিন্ন ধৰণৰ ব্যতিক্ৰমী ফটো আপলোড কৰি শিৰোনাম দখল কৰি আহিছে। যি কি নহওক ছানিৰ ফটোখনৰ কেপশ্বনে আমোদ দিছে অনুৰাগীক। কিয়নো বিগত বর্ষত JCBkikhudai শীর্ষক হেজটেকেৰে সামাজিক মাধ্যমত বিভিন্ন মিম ভাইৰেল হৈছিল। আৰু সেয়েহে হয়তো ছানিয়ে লিখিছে JCBkikhudai is back again।