২০২১ত অক্ষয় কুমাৰৰ নতুন সংকল্প

বলীউডৰ অভিনেতা অক্ষয় কুমাৰে নিজৰ পাৰিশ্ৰমিক ১১৭ কোটিৰ পৰা ১৩৫ কোটিলৈ বৃদ্ধি কৰিলে। বলীউডত দপদপাই থকা এইগৰাকী অভিনেতাৰ অভিনয়ে বিভিন্ন সময়ত দেশবাসীক মনোৰঞ্জন দি আহিছে। অভিনেতাগৰাকীয়ে বিভিন্ন সময়ত সমাজৰ হৈ সহায়-সহযোগিতা আগবঢ়োৱাৰ বিষয়েও দেশবাসী অৱগত। আন নহয়, অসমতে বানপানীৰ সময়ছোৱাত বানে বিধ্বস্ত কৰা অসম সম্পদ কাজিৰঙালৈ অক্ষয় কুমাৰে দিছিল এক বৃহৎ বৰঙনি। আৰু শেহতীয়াকৈ সমাজৰ হৈ কাম কৰা এইগৰাকী অভিনেতাই বৃদ্ধি কৰিছে নিজৰ পাৰিশ্ৰমিক। প্ৰথমে ৯৯ কোটিৰ পৰা ১০৮ কোটিলৈ, ১০৮ কোটিৰ পৰা ১১৭ কোটিলৈ আৰু এতিয়া ১১৭ কোটিৰ পৰা ১৩৫ কোটিলৈ। ২০২২ত মুক্তিলাভ কৰিব লগা অক্ষয় কুমাৰৰ প্ৰতিখন ছবিতে অক্ষয়ে ল’ব ১৩৫ কোটি টকা। আনুষ্ঠানিকভাৱে এই বিষয়ে এইপৰ্যন্ত অভিনেতাগৰাকীয়ে নিজাববীয়াকৈ উল্লেখ কৰা নাই।