Local, Vocal, Global

অমৃতা অৰোৰাৰ ঘৰত আলহী মালাইকা অৰোৰা-অৰ্জুন কাপুৰ

বলীউডৰ এগৰাকী জনপ্ৰিয় তাৰকা অর্জুন কাপুৰ আৰু আইটেম গাৰ্ল মালাইকা অৰোৰাৰ সম্পৰ্কৰ কথা এতিয়া প্ৰায় সকলোৱে জানে। বৰ্তমান দুয়ো ব্যস্ত অৱসৰ বিনোদনত। গোৱাত থকা ভগ্নী অমৃতাৰ ভিলাত এতিয়া দুয়োগৰাকী তাৰকা। দুয়োগৰাকী তাৰকাৰ লগতে আছে তেওঁলোকৰ যোগ প্ৰশিক্ষক আৰু কিছু বন্ধু। মালাইকা অৰোৰাৰ আৰবাছ খানৰ সৈতে সম্পৰ্ক শেষ হোৱাৰ পিছৰে পৰা অৰ্জুন কাপুৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত জড়িত হৈছে দুয়োগৰাকী তাৰকাৰ প্ৰেমৰ সম্পৰ্কৰ কথা। দুয়ো নিজৰ ছ’চিয়েল মিডিয়াযোগে উল্লেখো কৰিছে। কেইবাবাৰো বিমানবন্দৰত দুয়োগৰাকীক একেলগে দেখা গৈছে। মালাইকা অৰোৰাৰ ভগ্নী অমৃতা এতিয়া গোৱাৰ নিবাসী। সেয়ে মালাইকা আৰু অৰ্জুন এতিয়া অমৃতাৰ ঘৰত আলহী হিচাপে গৈছে।