Local, Vocal, Global

লণ্ডনফেৰৎ কৰ’না পজিটিভ মহিলা ৰে’লেৰে পলাই দিল্লীৰ পৰা পালেগৈ অন্ধ্ৰপ্ৰদেশ

লণ্ডনৰ পৰা ভাৰতত উপস্থত হোৱা এগৰাকী মহিলাই দিল্লী প্ৰশাসনৰ চকুত ধূলি দি ৰে’লত উঠি পালেগৈ অন্ধ্ৰপ্ৰদেশ। যিসময়ত ইংলেণ্ডত কৰ’না ভাইৰাছৰ অতি সংক্ৰামক নতুন ৰূপ ধৰা পৰিছে সেইসময়ত ইংলেণ্ডৰ পৰা ভাৰতত আহি উপস্থিত হোৱা মহিলাগৰাকীৰ এই কাণ্ডই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। অন্ধ্ৰপ্ৰদেশৰ ৰাজামহেন্দ্ৰভৰমত মহিলাগৰাকীক আটক কৰি সন্তানসহ ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। মহিলাগৰাকীৰ শৰীৰত কৰ’নাৰ নতুন প্ৰজাতি আছে নে নাই সেয়া পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ কৰা হৈছে পোনাৰ ইন্সষ্টিটিউট অব ভাইৰ’ল’জিলৈ। ২১ ডিচেম্বৰত লণ্ডনৰ পৰা আহি দিল্লীৰ বিমানবন্দনৰত উপস্থিত হোৱা মহিলাগৰাকীৰ বিমানবন্দৰতে কৰ’না পৰীক্ষা কৰোৱা হৈছিল। পজিটিভ ৰিপ’ৰ্ট অহাৰ পিছত ভৰ্তি কৰোৱা হৈছিল কোৱাৰেণ্টাইন চেণ্টাৰত। তাৰে পৰাই সন্তানসহ পলাই গৈ মহিলাগৰাকী উঠিছিল অন্ধ্ৰপ্ৰদেশ এক্সপ্ৰেছত। অৱশেষত জোৰদাৰ অনুসন্ধানৰ অন্তত বুধবাৰে আৰক্ষীয়ে মহিলাগৰাকীৰ সন্ধান লাভ কৰে। ৰে’লত মহিলাগৰাকী সহযাত্ৰী, ৰে’লকৰ্মী, হকাৰ আদি অনেকৰ সংস্পৰ্শলৈ অহাৰ আশংকা প্ৰশাসনৰ।