Local, Vocal, Global

কাল হ’ল কৰ’না, বন্ধ হ’ল অপ্সৰা, উৰ্বশী, বন্দনা

কৰ’নাই তচনচ কৰা বিশ্বত সংকট আহিল বিভিন্ন খণ্ডলৈ। আৰ্থিক বিপৰ্যয় নামিল উদ্যোগ, বাণিজ্য, শিল্প, সংস্কৃতি সকলো ক্ষেত্ৰলৈ। অসমত বিশেষকৈ গুৱাহাটীত কৰ’না আৰু লকডাউনে মাতি অনা পৰিস্থিতিয়ে ব্যাপক ক্ষতিসাধন কৰিলে সাংস্কৃতিক জগতখনৰো। কৰ’নাসৃষ্ট পৰিস্থিতিৰ বাবেই ৰাজ্যত বন্ধ হৈ পৰিল ৫টাকৈ চিনেমা হল। প্ৰায় ১০ মাহ ধৰি ছবিগৃহ বন্ধ। কিন্তু বিদ্যুতৰ মাচুল, কৰ্মচাৰীৰ দৰমহা পৰিশোধ কৰিবলগীয়া হৈছিল ছবিগৃহসমূহে। ফলত গুৱাহাটীৰ ৪টা আৰু ছয়গাঁৱৰ এটা চলচ্চিত্ৰ গৃহ চিৰদিনলৈ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে স্বত্বাধিকাৰীসকলে। গুৱাহাটীৰ নুনমাটিৰ বন্দনা, পল্টনবজাৰৰ অপ্সৰা, মেঘদূত, ফাঁচীবজাৰৰ উৰ্বশী আৰু ছয়গাঁৱৰ ছিলভাৰ স্ক্ৰিন চিনেমা বন্ধ কৰি পেলোৱাৰ সিদ্ধান্ত লৈছে মালিকপক্ষই। বন্দনা, অপ্সৰা, মেঘদূত আৰু ছিলভাৰ স্ক্ৰিন চিত্ৰগৃহৰ পৰা চলচ্চিত্ৰ প্ৰদৰ্শনৰ বাবে থকা ইউএফঅ’ ছিষ্টেম ইতিমধ্যে উঠাই নিছে কোম্পানীয়ে। দুই-এদিনতে উৰ্বশী চিনেমা হলৰ পৰাও আঁতৰাই নিয়া হ’ব ইউএফঅ’ ব্যৱস্থা। চিত্ৰগৃহ বন্ধ থকা অৱস্থাতো চিনেমা হলৰ মালিকে বিদ্যুতৰ ফিক্সড ছাৰ্জ ৰূপে ৩৫-৪০ হাজাৰ টকা দি থাকিব লাগিছিল। এই ছাৰ্জ ৰেহাইৰ বাবে চৰকাৰক কৰা অনুৰোধ ৰক্ষা কৰা নহ’ল। পৰিণতিত গুৱাহাটীৰ ৪টা পুৰণি আৰু প্ৰসিদ্ধ চিনেমা হল আৰু ছয়গাঁৱৰ এটা চিনেমা হল চিৰকাললৈ বন্ধ হৈ পৰাৰ পথ প্ৰশস্ত হৈ পৰিল।