শ্ৰীকৃ্ষ্ণৰ ৰাস লীলা চাবলৈ অনলাইনত টিকত বুক কৰক
মাজুলীৰ ৰাস মহোৎসৱ দৰ্শনৰ বাবে আগ্ৰহীসকলৰ সুবিধাৰ্থে প্ৰথমবাৰলৈ অনলাইনৰ জৰিয়তে টিকট বুকিঙৰ সুবিধা উপলব্ধ কৰা হৈছে। বৰ্তমানৰ ক’ভিড-১৯ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাসৰ টিকট কাউণ্টাৰত ভীৰ কৰাৰ পৰিবৰ্তে দৰ্শকে ঘৰৰ পৰাই ৰাসৰ টিকট বুক কৰিব পৰাকৈ মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত নেছনেল ইনফ’ৰমেটিকত চেণ্টাৰ (এনআইচি), অসমে জিলা প্ৰশাসনৰ ৱেবচাইট www.majuli.gov.in আৰু মাজুলী ৰাস মহোৎসৱ সম্পৰ্কীয় ৱেবচাইট www.majuliraas.in ৰ জৰিয়তে এই অলনাইন টিকট বুকিং ব্যৱস্থা কৰা হৈছে।অসম চৰকাৰৰ ই-পে’মেণ্ট পদ্ধতি ‘গভৰ্নমেণ্ট ৰিচিপ্ট একাউণ্টিং ছীছটেম’ (জিআৰএএছ) ব্যৱহাৰ কৰি এনআইচিয়ে প্ৰস্তুত কৰি উলিওৱা এই অনলাইন টিকট বুকিং ব্যৱস্থাই এইবাৰ মাজুলীৰ তিনিখন ৰাসথলী সামৰি লৈছে।
গড়মূৰ সত্ৰৰ বংশীগোপাল নাট্যমন্দিৰ, গড়মূৰ সৰু সত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘ আৰু কমলাবাৰীৰ মাজুলী মিলন সংঘৰ ৰাসৰ টিকট এই অনলাইন ব্যৱস্থাৰ জৰিয়তে দৰ্শকে ঘৰতে বহি আহৰণ কৰিব পাৰিব।আগ্ৰহী দৰ্শকে ৱেবচাইট দুটাৰ যিকোনো এটা খুলি ৰাসৰ অনলাইন টিকট বুকিঙৰ লিংকলৈ গৈ নিজৰ মোবাইল নম্বৰ প্ৰথমে পঞ্জীয়ন কৰিব লাগিব। এই পঞ্জীয়নৰ পাছতে তিনিখন ৰাসথলীৰ ভিতৰত নিজৰ পচণ্ডৰ ৰাসথলীখনৰ টিকট বুকিঙৰ বাবে ক্লিক কৰিবলৈ মোবাইল নম্বৰত এটা একক ব্যৱহাৰযোগ্য পাছৱৰ্ড (অ’টিপি) লাভ কৰিব। টিকট বুকিং হোৱাৰ পাছত দৰ্শকে নিজে এই টিকট ঘৰতে ডাউনলোড কৰি ল’ব পাৰিব। ইয়াৰউপৰিও আগ্ৰহী দৰ্শকসকলে এই টিকট বুকিঙৰ লিংকতে ৰাসথলী কেইখনত অনলাইন বুকিঙৰ বাবে উপলব্ধ টিকটৰ সংখ্যা কিমান উপলব্ধ হৈ আছে, সেয়াও পৰীক্ষা কৰি চাব পাৰিব।