Local, Vocal, Global

অর্ন্তৱৰ্তীকালীন জামিন নাপালে অৰ্ণৱ গোস্বামীয়ে

বম্বে উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে সাংবাদিক অৰ্ণৱ গোস্বামীৰ অর্ন্তৱৰ্তীকালীন জামিনৰ আৱেদন। অনভয় নাইক নামৰ এজন স্থপিতবিদৰ আত্মহত্যাৰ পুৰণি গোচৰত কাৰাৰুদ্ধ অৰ্ণৱ গোস্বামীসহ আন দুজন অভিযুক্তৰো জামিন আৱেদন অগ্ৰাহ্য কৰে উচ্চ ন্যায়ালয়ে। বম্বে উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে জনায় যে আৱেদনকাৰীসকলক জামিন প্ৰদানৰ বাবে বিশেষ পৰিস্থিতৰ উদ্ভৱ হোৱা নাই। ন্যায়ালয়ে আৰু জনায় যে গোস্বামী এতিয়া নিয়মীয়া জামিনৰ বাবে সত্ৰ ন্যায়াধীশৰ আদালতত আৱেদন কৰিব পাৰিব, যাৰ ওপৰত চাৰিদিনৰ ভিতৰত সিদ্ধান্ত দিয়া হ’ব। গোস্বামীয়ে ইতিমধ্যে আলিবাগ সত্ৰ ন্যায়াধীশৰ আদালতত নিয়মীয়া জামিনৰ বাবে আবেদন কৰিছে। আন দুজন অভিযুক্তৰ আৱেদনৰ ক্ষেত্ৰতো অনুৰূপ সিদ্ধান্ত ঘোষণা কৰি ন্যায়ালয়ে কয় যে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ নিম্ন আদালতে ৰায় দিব পাৰিব। ৪ নৱেম্বৰত গ্ৰেপ্তাৰ হোৱা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী সম্প্ৰতি ১৪ দিনৰ ন্যায়িক জিম্মাত আছে। অৰ্ণৱক ৰখা হৈছে তালোজা কাৰাগাৰত।