ৰিপাব্লিক টিভি আৰু টাইমছ নাওক সকীয়নি উচ্চ ন্যায়ালয়ৰ

অৱমাননাসূচক কোনো অনুষ্ঠান বা বিষয়বস্তু ছ’চিয়েল মিডিয়াত আপলোড নকৰিব অথবা নেদেখুৱাব টেলিভিছন চেনেলত৷ টাইমছ নাও আৰু ৰিপাব্লিক টিভি চেনেলক সোমবাৰে এই নিৰ্দেশ দিলে দিল্লী উচ্চ ন্যায়ালয়ে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত সৃষ্টি হোৱা ঘটনাৱলীক লৈ সৰৱ হৈ পৰিছিল বলীউড। ছলমান খান, আমিৰ খান, শ্বাহৰুখ খানৰ দৰে অভিনেতা-পৰিচালকৰ প্ৰযোজনা সংস্থাৰ সৈতে মুঠ ৩৪টা বলীউডৰ প্ৰযোজনা সংস্থাই ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী আৰু টাইমছ নাওৰ নাভিকা কুমাৰসহ ৪গৰাকী সাংবাদিকৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন হৈছিল। তেওঁলোকৰ অভিযোগ এই সাংবাদিকসকলে বলীউড আৰু তাৰ সৈতে জড়িত অভিনেতা-অভিনেত্ৰী, পৰিচালক তথা কলা-কুশলীৰ বিৰুদ্ধে ‘দায়িত্বজ্ঞানহীন, অৱমাননাসূচক আৰু অপমানজনক’ বাতৰি তথা মন্তব্য কৰিছিল। তাৰ পিছতে বলীউডে একত্ৰে ৰুজু কৰিছিল গোচৰ। এই গোচৰৰ শুনানিত আদালতে কয় যে সংবাদ মাধ্যমে নিজাকৈ বিচাৰ আৰম্ভ কৰিব নোৱাৰে। ‘আপোনালোক সম্প্ৰচাৰত… খবৰ দেখুৱাওক। কিন্তু দেখা গৈছে খবৰ কম, মতামত থাকে বেছি।’ এই মন্তব্যৰে ন্যায়ালয়ত কয় যে বলীউডৰ তাৰকাসকলৰ গোপনীয়তা বজাই ৰখাৰ অধিকাৰ আছে। শুনানিকালত আদালতে ব্ৰিটেইনৰ প্ৰিন্সেচ ডায়েনাৰ মৃত্যুৰ ঘটনা উদাহৰণ হিচাপে তুলি ধৰে। সংবাদ মাধ্যমৰ কৱলৰ পৰা ৰক্ষা পাবৰ বাবে পলায়ন কৰি পথ দুৰ্ঘটনাত নিহত হৈছিল ডায়েনাৰ। এইদৰে আপোনালোক চলি থাকিব নোৱাৰে। মন্তব্য ন্যায়ালয়ৰ।