Local, Vocal, Global

অৰুণাচল সীমান্তলৈকে চীনে সাজিছে ৰে’ল লাইন

ভাৰত-চীন সীমা বিবাদৰ অন্ত পৰাৰ লক্ষণ নাই। তাৰ মাজতে চীনে অৰুণাচল সীমান্তলৈকে নিৰ্মাণ কৰি থকা এটা ৰে’ল পথৰ নিৰ্মাণ কাৰ্য দ্ৰুততৰ কৰাৰ নিৰ্দেশ দিলে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে। চীনৰ দক্ষিণ-পশ্চিমৰ চিছুৱান প্ৰদেশৰ পৰা তিব্বতৰ লিনজিলৈ নিৰ্মাণ হৈ আছে এই ৰে’ল পথ। লিনজিৰ পৰা অৰুণাচলৰ ভাৰত সীমান্তলৈ দূৰত্ব নিচেই কম। ৪৭.৮ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় সাপেক্ষে নিৰ্মাণ চলি থকা এই ৰে’ল পথৰ কাম খৰতকীয়া কৰি তোলাৰ বাবে চীনৰ ৰাষ্ট্ৰপতিয়ে দেওবাৰে নিৰ্দেশ জাৰি কৰে। জিনপিঙে কয় যে এই ৰে’লপথে সীমান্ত অঞ্চলৰ নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অৰুণাচল সীমালৈকে তিব্বত সংযোগী চীনৰ এইটো দ্বিতীয় ৰে’ল প্ৰকল্প। ভাৰত-চীনৰ সীমান্তৰ লাইন অফ এক্সুৱেল কন্ট্ৰ’ল প্ৰায় ৩,৪৮৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ। তিব্বতৰ লিনজিত ইতিপূৰ্বে চীনে নিৰ্মাণ কৰিছে এটা বিমানবন্দৰ।