Local, Vocal, Global

২৪ ঘণ্টাত দিল্লীত ৭,৭৪৫ জন লোকৰ দেহত কভি’ড

শীতৰ আগমনৰ লগে লগে ৰাজধানী দিল্লীত বাঢ়িছে ক’ৰণাৰ প্ৰকোপ । বিগত ২৪ ঘণ্টাত দিল্লীত ৭,৭৪৫ জন লোকৰ দেহত ধৰা পৰিছে কভি’ড। ইয়াৰ লগে লগে ক’ৰণাৰ ক্ষেত্রত নতুন ৰেকর্ড গঢ়ে দিল্লীয়ে কিয়নো ইয়াৰ পূর্বে দিল্লীত এদিনত একেলগে ইমান পজিটিভ কেচ পঞ্জীভূত হোৱা নাছিল । দিল্লীৰ স্বাস্থ্য বিভাগে জনোৱা মতে যোৱা কিছুদিনৰ পৰা দিল্লীত দৈনিক প্রায় ৬ হাজাৰৰো অধিক নতুন পজিটিভ ৰোগী পোৱা গৈছিল যদিও দেওবাৰৰ দিনটোত সংক্রমণৰ ঘটনা সৰ্বাধিক ৭,৭৪৫ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৭৭ জন লোকৰ মৃত্যু হয় আৰু ৬,৬০৬৯ জন লোক সুস্থ হৈ উঠিছে । বৰ্তমানলৈ দিল্লীত সংক্রমণৰ হাৰ ১৫.২৬% অৰ্থাৎ সংখ্যা অনুযায়ী সক্ৰিয় ৰোগী সংখ্যা  ৪২ হাজাৰ। সুস্থ হৈ উঠা ৰোগীৰ হাৰ ৮৮.৮৬% হোৱাৰ বিপৰীতে চিকিৎসাধীন ৰোগীৰ হাৰ ৯.৫৪% আৰু কৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ হাৰ ১.৫৯%।