Local, Vocal, Global

আমেৰিকাৰ জনতাক জ’ বাইডেনৰ কি প্ৰতিশ্ৰুতি?

উৎকণ্ঠাৰ অন্ত পেলাই আমেৰিকাৰ জনগণে নসাৎ কৰিলে ড’নাল্ড ট্ৰাম্পক। আমেৰিকাৰ ৪৬সংখ্যক ৰাষ্ট্ৰপতি হ’ল জ’ বাইডেন। আনহাতে উপ-ৰাষ্ট্রপতিৰ আসনত ভাৰতীয় মূলৰ মহিলা কমলা হেৰিছ।
ডেম’‍ক্ৰেট জ’ বাইডেনৰ দখল হোৱাইট হাউচ। ২৪৪ বছৰীয়া ইতিহাসত আমেৰিকাৰ প্ৰথম গৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি হ’ব ভাৰতীয় আফ্ৰিকান বংশোদ্ভূত কমলা হেৰিছ। ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ জ’ বাইডেনে টুইটাৰ যোগে প্ৰতিশ্ৰুতি প্ৰদান কৰে যে সমাজক একতাৰে গঢ়িব আৰু সমাজলৈ বিভাজন আহিব নিদিব। লগতে  কয় যে,আমেৰিকাৰ ৰাজ্য সমূহক ৰঙা আৰু নীলা ৰঙেৰে নহয় তাৰ বিপৰীতে সংযুক্ত ৰাষ্ট্ৰৰূপে চাব বিছাৰে আৰু জনসাধাৰণক লগত লৈ কাম কৰি যাব বিছাৰে।