Local, Vocal, Global

কোম্পানীত চাকৰি কৰে নেকি? ২০২১ত বাঢ়িব দৰমহা

কৰ’না আৰু লকডাউনে দেশবাসীৰ জীৱন-জীৱিকাৰ প্ৰতি যি ভাবুকি কঢ়িয়াই আনিলে সেয়া অভূতপূৰ্ব। বহুতৰে দুবেলা-দুসাঁজ যোগাৰ কৰাৰে উপায় নোহোৱা হ’ল। বেচৰকাৰী খণ্ডত কাম কৰা লক্ষ লক্ষজন ৰাতিৰ ভিতৰতে হ’ল সংস্থাপনহীন। কোম্পানীত চাকৰি কৰা যিসকলৰ চাকৰিটো থাকিল তেওঁলোককো কোম্পানীয়ে পূৰ্বৰ সমান দৰমহা বা সা-সুবিধা নিদিয়া হ’ল। দুই-এক ব্যতিক্ৰমৰ বাদে অধিকাংশ ব্যক্তগত প্ৰতিষ্ঠানত কৰ্মৰত লোকৰ চাকৰিত পদোন্নতি কিম্বা দৰমহা বৃদ্ধিৰ আশাত পৰিল চেঁচাপানী। তাৰ মাজতে শেহতীয়া এটা সমীক্ষাই ব্যক্তিগত খণ্ডৰ চাকৰিয়ালৰ বাবে সুখবৰ কঢ়িয়াই আনিছে। সমীক্ষাটোৰ মতে ২০২১ত প্ৰায় ৮৭ শতাংশ ভাৰতীয় কোম্পানীয়ে নিজৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰাৰ বাবে পৰিকল্পনা হাতত লৈছে। Aon নামৰ সংস্থাৰ সমীক্ষাত প্ৰকাশ যে প্ৰায়সংখ্যক ভাৰতীয় প্ৰতিষ্ঠানেই ২০২০ৰ সংকট অতিক্ৰম কৰি নিজৰ কৰ্মচাৰীক ৫-১০ শতাংশ দৰমহা বৃদ্ধি কৰিব পাৰিব বুলি আশাবাদী। ২০টা খণ্ডৰ ১,০৫০টা প্ৰতিষ্ঠানক সামৰি কৰা এই সমীক্ষাৰ তথ্যই নিশ্চয়কৈ বেচৰকাৰী খণ্ডত নিযুক্ত কৰ্মচাৰীসকলৰ বাবে আশাৰ সঞ্চাৰ ঘটাইছে।