অসম-মিজোৰাম সীমান্তৰ পৰা আঁতৰি নাযায় মিজোৰাম আৰক্ষী
অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি হৈ পৰিছে অধিক উত্তেজনাপূৰ্ণ৷ সীমান্তৰ বিবদমান অঞ্চলৰ পৰা মিজোৰাম চৰকাৰে নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ নকৰাৰ সিদ্ধান্তৰ পিছতে অধিক জটিল হৈছে পৰিস্থিতি৷ একেদৰে ৩০৬নং ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ অব্যাহত ৰাখিছে প্ৰতিবাদকাৰীয়ে৷ বিগত ৯ দিন ধৰি কাছাৰ জিলাৰ লাইলাপুৰত দুই ৰাজ্যৰ মাজত চলি আছে সংঘাত৷ তাৰ মাজতে মিজোৰামৰ গৃহমন্ত্ৰী লালচামলিয়ানাই বিবদমান অঞ্চলৰ পৰা মিজোৰাম আৰক্ষী প্ৰত্যাহাৰ কৰা নহয় বুলি ঘোষণা কৰে৷ দুই ৰাজ্যৰ উচ্চ পৰ্যায়ৰ বিষয়াবৰ্গৰ মাজত আলোচনা অব্যাহত থকাৰ বিপৰীতে অঞ্চলটোৰ একাংশ স্থানীয় লোকে ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ অব্যাহত ৰাখিছে৷ মিজোৰামৰ বৈৰবী গাঁও সংযোগী ৩০৬নং ৰাষ্ট্ৰীয় ঘাইপথটো অসমৰ দিশে স্থানীয় লোকে অৱৰোধ কৰাত সমস্যাৰ সন্মুখীন হৈছে মিজোৰাম চৰকাৰ৷ বৃহস্পতিবাৰে কাছাৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক সমন্বিতে বিবদমান অঞ্চলটোত উপস্থিত হয় অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং৷ অঞ্চলটোৰ আইন-শৃংখলা পৰিস্থিতিৰ বুজ লৈ অচিৰেই শান্তি স্থাপন হ’ব বুলি আশা প্ৰকাশ কৰে এডিজিপি সিঙে৷