Local, Vocal, Global

ৰাজপথেৰে চলা গাড়ী পলকতে উৰিল আকাশত

গাড়ী ৰাজপথত চলে আৰু বিমান উৰে আকাশত৷ গাড়ীখনকে বিমানলৈ ৰূপান্তৰিত কৰাৰ কথা বহুতেই ভাবে৷ তেনে সপোনকে বাস্তৱ ৰূপ দিছে শ্ল’ভাকিয়াৰ এটা প্ৰতিষ্ঠানে৷ প্ৰতিষ্ঠানটোৱে অলপতে এয়াৰকাৰ নামেৰে যানখনৰ পৰীক্ষামূলক চালনা আৰু উৰণ সম্পন্ন কৰাৰ খবৰৰ সৈতে ভিডিঅ’ই আলোড়নৰ সৃষ্টি কৰিছে৷ ৩০ বছৰজোৰা গৱেষণাৰ অন্তত ক্লীন ভিজন নামৰ প্ৰতিষ্ঠানটোৱে দুখন আসনযুক্ত গাড়ী তথা বিমানখন সাজি উলিয়াইছে৷ গাড়ীৰ পৰা বিমানৰ ৰূপ ল’বলৈ বাহনখনক লাগে মাত্ৰ তিনি মিনিট সময়৷ ১১০০ কেজি ওজনৰ আৰু ২০০ কেজি ওজন বহন কৰিব পৰা এয়াৰকাৰখনৰ ইঞ্জিনৰূপে ব্যৱহাৰ কৰা হৈছে BMW ইঞ্জিন৷ ইতিমধ্যে এই এয়াৰকাৰ ক্ৰয়ৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে৷ পৰীক্ষামূলক উৰণত গাড়ীৰ পৰা বিমানলৈ ৰূপান্তৰিত হৈ এয়াৰকাৰখন উৰিছিল ১৫০০ ফুট উচ্চতাত৷ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ক্লীন ভিজনে শ্বেয়াৰ কৰা ভিডিঅ’ত দেখা গৈছে এটা বিমানবন্দৰৰ পৰা ৰান ৱে’ৰে আগবাঢ়ি বিমানৰ ৰূপ লৈ আকাশলৈ উৰা মাৰিছে এয়াৰকাৰ৷

চাওক ভিডিঅ’-