Local, Vocal, Global

কলাক্ষেত্ৰত লাগে বঙালী মিউজিয়াম

মিঞা মিউজিয়াম প্ৰসংগই ৰাজ্যজুৰি তুমুল বিতৰ্কৰ সুত্ৰপাত ঘটোৱাৰ পাছত এইবাৰ উঠিল বঙালী মিউজিয়ামৰ দাবী। উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’পুৰকায়স্থই শংকৰদেৱ কলাক্ষেত্ৰত বঙালীসকলৰ কৃষ্টি-সংস্কৃতি, ঐতিহ্য সংৰক্ষণৰ বাবে এক মিউজিয়াম স্থাপনৰ দাবী উত্থাপন কৰিলে।

কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ দাবী তোলাক লৈ সমগ্ৰ ৰাজ্যত বিতৰ্কৰ জোৱাৰ উঠিছে। শাসকীয় দল আৰু মূল বিৰোধী দল কংগ্ৰেছৰ মাজত মিঞা মিউজিয়ামক লৈ তুমুল বাক-বিতণ্ডাৰ সৃষ্টি হৈছে। এই বিতৰ্কৰ মাজতেই পুনৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই দাবী তুলিলে বঙালী মিউজিয়ামৰ৷ ‘বঙালীসকল ৰাজ্যৰ দ্বিতীয় সর্ববৃহৎ জনগোষ্ঠী৷সেই হিচাপে তেওঁলোকৰ ইতিহাস, কৃষ্টি-সংস্কৃতি সম্পর্কে ভৱিষ্যত প্ৰজন্মই জনাৰ প্ৰয়োজনীয়তা আছে’ –এই যুক্তিৰ আধাৰত কংগ্ৰেছ বিধায়ক কমলাক্ষই মন্তব্য কৰে যে বঙালীসকলৰ কৃষ্টি-সংস্কৃতি প্ৰদর্শণৰ বাবে কলাক্ষেত্ৰত সুকীয়াকৈ বঙালী মিউজিয়াম স্থাপন কৰিব লাগে৷

কলাক্ষেত্ৰত মিঞা মিউজিয়ামৰ দাবী তোলা শ্বেৰমান আলীক কটু সমালোচনা কৰা শাসকীয় বিজেপিয়ে কমালাক্ষ দে পুৰকায়স্থৰ বঙালী মিউজিয়ামৰ দাবীক কি দৰে গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ’ব৷ একে সময়তে কংগ্ৰেছ দলে শ্বেৰমান আলীৰ মিঞা মিউজিয়ামৰ দাবীক তেওঁৰ ব্যক্তিগত মত বুলি দায় সাৰিব  খোজাৰ পাছত আন এজন দলীয় বিধায়ক কমলাক্ষৰ দাবী সন্দর্ভত  কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়াও হ’ব চাবলগীয়া৷