আজি দুৰ্গোৎসৱৰ পঞ্চমী
আজি পঞ্চমী । পূৰ্বৰ দৰে এইবেলি দেখা পোৱা নাযাব দুৰ্গা পূজাৰ উলহ-মালহ । এইবাৰ কেৱল আনুষ্ঠানিকতাৰ মাজেৰে পালন কৰা হব দেৱী দূৰ্গাৰ পূজা। স্বাস্থ্য বিভাগৰ নিৰ্দেশ অনুসৰি পূজাথলীসমুহৰ পৰাই যাতে কৰোণাৰ সংক্ৰমণ নঘতে,তাৰ প্ৰতি লক্ষ ৰাখি পুৰহিত আৰু পুজা কমিতিৰ লোকসকলে আজি কৰিব লাগিব বাধ্যতামূলক ক’ভিড টেষ্ট ।
ক’ভিড সৃষ্ট পৰিবেশৰ বাবে অধিক জনসমাগম দেখা নাযাব পূজামণ্ডপ সমুহত। এইবেলি বিভিন্ন পূজামণ্ডপ সমুহে থীম হিচাপে গ্ৰহন কৰিছে কৰোনা ভাইৰাছ আৰু সাম্প্ৰতিক পৰিস্থিতিক। খনিকৰ সকলে ক’ভিডৰ আৰ্হিৰে সাজি উলিয়াইছে বিভিন্ন দেৱী প্ৰতিমা ।
বিশ্ব ত্ৰাস কৰোনাই যেন চেৰ পেলাইছে পৌৰাণিক চৰিত্ৰ মহিষাসুৰৰ সন্ত্ৰাসকো। সেয়েহে প্ৰায়বোৰ পূজা মণ্ডপত দেখা গৈছে কৰোনাৰ ভয়াবহতা আৰু এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সচেতনতা গঢ়ি তোলাৰ প্ৰয়াস। ছচিয়েল মিডিয়াতো ভাইৰেল হৈছে কৰোনা ভাইৰাছক থীম ৰূপে লৈ নিৰ্মাণ কৰা মণ্ডপ আৰু প্ৰতীমাৰ ফটো।