Local, Vocal, Global

চিৰাঙত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ড্ৰাগছ মুক্ত সমাজ গঢ়ি তোলাৰ উদ্দেশ‍্যে চিৰাঙত অব‍্যাহত আৰক্ষীৰ অভিযান । বিগত কিছুদিনৰ পৰা জিলাখনত চিৰাং আৰক্ষীয়ে অভিযান চলাই কেবাজনো ড্ৰাগছ ব‍্যৱসায়িক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । আজি দুপৰীয়া ১২.২০ বজাত আৰক্ষীয়ে চলোৱা এক অভিযানত জিলাখনৰ ঢালিগাঁৱত আৰক্ষীয়ে ড্ৰাগছসহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বৰতালোৱা(শালঝোৰা) গাঁৱৰ আলী আকবৰ(৩৬)নামৰ লোকজনৰ পৰা ৮ টা হেৰ’ইন জাতীয় ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰসহ দুটা মোবাইল ফোন,নগদ ধন ৩৩৪০/টকা,এএচ১৬জি-৫৯৬৪ নম্বৰৰ মটৰ চাইকেল জব্দ কৰে। এই ঘটনা সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

উল্লেখ‍্য যে,চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত আজি এই ড্ৰাগছ বিৰোধী অভিযান চলিছিল৷ আনহাতে ড্ৰাগছৰ বিৰুদ্ধে বিগত দিনৰ পৰা ধাৰাবাহিক ভাৱে আৰক্ষীয়ে অভিযান চলাই থকা পৰিলক্ষিত হৈছে ।