Local, Vocal, Global

অলিম্পিক চেম্পিয়ন য়ুহান ব্লেকে ধোনীক কিয় নিন্দা কৰিলে?

চলিত ত্ৰয়োদশ IPL দিনক দিনে উত্তেজনাপূর্ণ হৈ পৰিছে। ৰবিবাৰে অনুষ্ঠিত হোৱা দুখনকৈ খেলত এক বিৰল ৰেকৰ্ডৰ সৃষ্টি হয়৷ দিনটোৰ দুয়োখন খেলতে ছুপাৰ অ’ভাৰৰ সহযোগত খেলৰ ফলাফল নিৰ্ধাৰিত হয়। প্ৰথমখন খেলত ইয়ন মৰ্গান নেতৃত্বাধীন দল কলকাতা নাইট ৰাইডাৰছে চানৰাইজাৰ হায়দৰাবাদক ছুপাৰ অ’ভাৰত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি কলকাতা নাইট ৰাইডাৰছে ১৬৩ ৰান সংগ্ৰহ কৰে আৰু সেই লক্ষ্য অনুসৰণ কৰি ৬ উইকেট হেৰুৱাই চানৰাইজাৰ হায়দৰাবাদেও ১৬৩ ৰান কৰিবলৈ সক্ষম হয়। কিন্তু ছুপাৰ অ’ভাৰত নিউজিলেণ্ডৰ বেগী বলাৰ লকি ফাৰ্গিউচনৰ চমকপ্ৰদ বলিঙৰ সহায়ত গুৰুত্বপূৰ্ণ খেলখন জিকিবলৈ সক্ষম হয়।

আনফালে দ্বিতীয়খন খেলত প্ৰীতি জিণ্টা মালিকানাধীন কিংছ ইলেভেন পাঞ্জাৱে মুকেশ আম্বানীৰ দল মুম্বাই ইণ্ডিয়ানচক ছুপাৰ অ’ভাৰত হৰুৱাবলৈ সক্ষম হয়। চলিত IPL ত এতিয়ালৈকে ৩খন খেলৰ ফলাফল ছুপাৰ অ’ভাৰৰ দ্বাৰাই নিৰ্ধাৰিত হৈছে। ইপিনে অলিম্পিক চেম্পিয়ন য়ুহান ব্লেকে যোৱা শনিবাৰে অনুষ্ঠিত হোৱা IPL ৰ এক গুৰুত্বপূৰ্ণ খেলত চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক এম এছ ধোনীৰ জাদেজাক অন্তিম অ’ভাৰত বল দিবলৈ দিয়া সিদ্ধান্তক কঠোৰভাৱে নিন্দা কৰি টুইটাৰত তেওঁ লিখে যে ‘এম এছ ধোনীয়ে অন্তিম অ’ভাৰটো জাদেজাক দি বহুত বেয়া কৰিছে আৰু তাৰ বাবে গুৰুত্বপূৰ্ণ খেলখন নিজৰ হাতৰ পৰা দিল্লী কেপিটেলছলৈ গুচি যায়৷’য়ুহান ব্লেকৰ এই টুইটক লৈ ধোনীৰ বহু অনুৰাগীয়ে তেওঁক চ’ছিয়েল মিডিয়াত বেয়াকৈ ট্ৰ’ল কৰে আৰু ধোনীক প্ৰশ্ন কৰিবলৈ তেওঁ কোন হয় বুলি প্ৰশ্ন কৰে। আনহাতে অষ্ট্ৰেলিয়াৰ ‘চোটা পেকেট বড়া ধামাকা’ বুলি জনাজাত তাৰকা বেটছমেন ডেভিদ ৱাৰ্ণাৰে IPL ত সবৰ্মুঠ ৫০০০ অধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ কলকাতা নাইট ৰাইডাৰছ বিপক্ষে খেলা ৩৩ টা বলৰ ৪৮ ৰানৰ ইংনিছেৰে তেওঁ এই বিৰল কৃতিত্ব গঢ়িবলৈ সক্ষম হয়৷ ৩৩ বছৰীয়া বেটছমেনজনে IPL ত ৫০০০ ৰান কেৱল ১৩৫খন খেলত সংগ্ৰহ কৰে৷ ইয়াৰ আগতে ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ অধিনায়ক বিৰাট কোহলীয়ে কেৱল ১৫৭ খন খেলত ৫০০০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।