Local, Vocal, Global

বগীবিল দলঙেৰে চলিল ৰাজধানী এক্সপ্ৰেছ

ৰাজধানীৰ চলাচলে ৰেল যোগাযোগ ব্যৱস্থাত এক নতুন মাত্ৰা দিব বুলি উল্লেখ কৰিছে সর্বানন্দ সোণোৱালে। অসম চুক্তিৰ আধাৰত নির্মিত বগীবিল দলঙেৰে সোমবাৰে প্ৰথমবাৰলৈ বিশেষ ৰাজধানী এক্সপ্ৰেছৰ চলাচলৰ পাছতেই মুখ্যমন্ত্ৰী গৰাকীৰ এই মন্তব্য। মুখমন্ত্ৰীগৰাকী কয় যে প্ৰধানমন্ত্ৰী নৰেনন্দ্ৰী মোদীয়ে ২০১৪ চনত শাসনভাৰ লোৱাৰ পিছৰ পৰা অসম তথা উত্তৰ-পূর্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ দূৰদর্শী পদক্ষেপৰ বাবেই দ্বৈত ৰেলপথৰ সম্প্ৰসাৰণকে ধৰি ৰেল পথৰ বৈদ্যুতিকিকৰণেৰে ৰেলখণ্ডৰ বিকাশৰ ওপৰত ৰেল মন্ত্ৰণালয়ে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে সপ্তাহত দুদিনকৈ চলিব লগীয়া উত্তৰ অসম সংযোগী এই অত্যধুনিক ৰেল সেৱাই যাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব।