প্ৰতি বছৰে বিয়া পাতে ৰজাই, লাগে কুমাৰী কন্যা
আফ্ৰিকাৰ ইছোয়াতিনি নামৰ দেশখনত আজিও চলি আছে প্ৰাচীন পৰম্পৰা। এই পৃথিৱীত এতিয়াও এনে এখন দেশ আছে য’ত পালন কৰা হয় প্ৰাচীন পৰম্পৰাক। দক্ষিণ আফ্ৰিকা আৰু মুজাম্বিকৰ সীমান্তত থকা এখন ক্ষুদ্ৰ দেশ ইছোয়াতিনি। এই দেশখনৰ ৰজাই প্ৰতিবছৰে একোগৰাকী কুমাৰী কন্যাৰ সৈতে বিয়াত বহে৷ ১৯৪০ চনৰ পৰা দেশখনত এই পৰম্পৰা চলি আহিছে। উল্লেখযোগ্য যে ১৯৮৬ চনত মাত্ৰ ১৮ বছৰ বয়সতে ৰজাৰ সিংহাসনত অধিস্থিত হয় কিং এমছাটি। সম্প্ৰতি ৩০ গৰাকীৰো অধিক পত্নী থকা এই ৰজাজনে আকৌ ৩গৰাকী পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰিছে।