Local, Vocal, Global

চকু ৰঙা পৰিলেই সাৱধান হওক

বিশ্বত এতিয়াও শাম কটা নাই ক’ৰনাৰ বিভীষিকাময় পৰিস্থিতি৷ বিশ্বত বৃদ্ধি পাইছে ক’ৰনাত আক্ৰান্ত হৈ ৰোগীৰ মৃতু্যৰ সংখ্যা৷ এতিয়ালৈকে মৃতু্য হৈছে ১০ লক্ষাধিকৰ৷ কিন্তু শেহতীয়াকৈ চীনত পোহৰলৈ অহা এটা ঘটনাই আচৰিত কৰিছে বিশ্বৰ চিকিৎসকসকলক৷ ঘটনাটো চীনৰ য়ুহানৰ৷ জানুৱাৰী মাহৰ ৩১ তাৰিখে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷ মহিলাগৰাকী ৫ দিন ধৰি চৰ্দি-কাহত ভুগি আছিল আৰু ৯ দিন ধৰি ডায়েৰিয়াত ভুগি আছিল৷

৩১ জানুৱাৰীৰ দিনটোত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতেই প্ৰচণ্ড জ্বৰতো ভুগিছিল মহিলাগৰাকী৷ চিকিৎসাৰ অন্ততঃ দুবাৰকৈ ৰিজাল্ট নিগেটিভ অহাৰ পাছত মহিলাগৰাকীক ১৮ ফেব্ৰুৱাৰীত যাবলৈ দিয়া হ’ল ঘৰলৈ৷ চিকিৎসালয়ৰ পৰা ঘৰলৈ ওভোটাৰ ৮ দিনৰ পাছতেই মহিলাগৰাকীৰ সোঁফালৰ চকুটোত বিষ অনুভৱ হয়৷ ২৮ ফেব্ৰুৱাৰীলৈকে ক্ৰমান্বয়ে চকুৰ বিষ বৃদ্ধি পাই থাকিল মহিলাগৰাকীৰ৷ যেতিয়াই বিষে সহ্যৰ সীমা পাৰ কৰিলে মহিলাগৰাকী পালেগৈ চিকিৎসালয়৷ চিকিৎসকে আৰম্ভ কৰিলে মহিলাগৰাকীৰ চিকিৎসা৷ প্ৰথম পৰীক্ষাত চিকিৎসকে পালে যে মহিলাগৰাকীৰ গ্লুকুমা এটেক হৈছে৷ ইয়াৰ পাছতেই চিকিৎসকে দৰৱেৰে চকুৰ বিষ কমাবলৈ চেষ্টা কৰিলে মহিলাগৰাকীৰ৷ কিন্তু চিকিৎসক সফল নহ’ল৷ চিকিৎসকে থিৰাং কৰিলে চাৰ্জাৰী কৰিবলৈ৷ দুবাৰকৈ চাৰ্জাৰী কৰিলে চিকিৎসকে মহিলাগৰাকীৰ৷ প্ৰথমে ১৪ মাৰ্চত সোঁফালৰ চকুটোত চাৰ্জাৰী ইয়াৰ পাছতেই এটা দিনৰ পাছত অৰ্থাৎ ১৫ বাঁওফালৰ চকুটোত সম্পন্ন হ’ল চাৰ্জাৰী৷ চাৰ্জাৰীৰ পাছতো সুস্থ হৈ  নুঠিল মহিলাগৰাকী৷ পুনৰ ১০ এপ্ৰিলত মহিলাগৰাকীৰ আন এক চাৰ্জাৰী কৰা হ’ল৷ চাৰ্জাৰীৰ সময়ত চকুৰ পৰা চিকিৎসকে সংগ্ৰহ কৰা টিছু্য চেম্প’লত, ধৰা পৰিল ভয়ংকৰ তথ্য৷ পোৱা গ’ল মহিলাগৰাকীৰ চকুত ক’ৰনা ভাইৰাচ৷ গতিকে এতিয়া সাৱধান হওক আপুনিও৷