ৰিপাব্লিক টিভিৰ CEOক জেৰা মুম্বাই আৰক্ষীৰ
ধনৰ বিনিময়ত TRP ক্ৰয়ৰ গোচৰত নাম সাঙোৰ খাইছে অসম সন্তান অৰ্ণৱ গোস্বামীৰ নাম৷ মুম্বাই আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই দেওবাৰে ব্যক্তিগত টিভি চেনেলৰ CEO বিকাশ খান চন্দানি আৰু দুজন CEOক চমন জাৰি কৰিছিল। খান চন্দানিক ৯ ঘণ্টা আৰু হৰ্ছ ভাণ্ডাৰীক ৫ ঘণ্টা ধৰি জেৰা কৰিছিল দেওবাৰে। আৰু গোচৰ সন্দৰ্ভত ৰিপাব্লিক টিভিৰ বিতৰণ শাখাৰ মুৰব্বী ঘনশ্যাম সিঙৰ জবানবন্দীও বাণীবদ্ধ কৰা হয়। তিনিওজন বিষয়াক নথি-পত্ৰসহ হাজিৰ হ’বলৈ নিৰ্দেশনা জাৰি কৰিছে।