Local, Vocal, Global

কাশ্মীৰত ৩৭০ অনুচ্ছেদ বিলুপ্তিকৰণৰ সুবিধা ল’ব বিচাৰিছে চীনে

লাডাখত চীনে চলোৱা আগ্ৰাসনৰ আঁৰৰ ৰহস্য হৈছে কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰত ঘটোৱা ভাৰতীয় সংবিধানৰ ৩৭০ অনুচ্ছেদ ধাৰাৰ বিলুপ্তিকৰণ৷ এই কার্যৰ ফলত কাশ্মীৰত সৃষ্ট ক্ষোভৰ সুবিধা ল’ব বিচাৰিছে চীনে৷ এই অভিযোগ নেচনেল কনফাৰেন্সৰ নেতা, সাংসদ, জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাৰ। ইণ্ডিয়া টুডে টিভিৰ এটা বিশেষ সাক্ষাৎকাৰত ফাৰুক আব্দুল্লাই উল্লেখ কৰিছে এই কথা৷ উল্লেখ্য যে ৩৭০ অনুচ্ছেদৰ জৰিয়তে কাশ্মীৰে বিশেষ মৰ্যাদা লাভ কৰিছিল। যোৱা ৫ আগষ্টত সংসদত কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ লগতে ৰাজ্যখনৰ পৰা লাডাখক পৃথক কৰাৰ বাবে প্ৰস্তাৱ লৈছিল। লাডাখক পৃথক ৰাজ্যৰ মৰ্যাদা দিয়া কাৰ্যত ক্ষুণ্ণ হৈছিল চীন৷ আৰু ইয়াৰ বাবেই চীনে সীমান্তত বেদখল চলাইছিল বুলি জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই মতপোষণ কৰে।