Local, Vocal, Global

বিজেপি নেতাৰ পিছত এইবাৰ আৰক্ষীৰ জালত কংগ্ৰেছ নেতা

“কাক নো বুলিবা ককা, সকলোৰে দাড়ি চুলি পকা!” ৰাজ্য কঁপোৱা SI প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ এইবাৰ অভিযুক্তৰ তালিকাত কংগ্ৰেছ নেতা।

ৰাজ্য কঁপোৱা SI কেলেংকাৰিত আটক এজনৰ পিছত আনজন অভিযুক্ত। অভিযানকাৰী আৰক্ষীৰ জালত বহুতো ৰৌ-বৰালি। বিজেপি নেতা দিবন ডেকাক গ্ৰেপ্তাৰৰ পিছতে এইবাৰ আৰক্ষীৰ জালত পৰিছে কংগ্ৰেছ নেতা। নলবাৰী জিলা আৰক্ষীয়ে ভৱানীপুৰ আৰক্ষীৰ সহযোগত ভৱানীপুৰৰ পৰা আটক কৰে কংগ্ৰেছ নেতা আতাব আলী। প্ৰদেশ কংগ্ৰেছৰ আৰ টি আই কোষৰ সম্পাদক আাতাব আলীক আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে। লক্ষ্যণীয়ভাৱে বৰপেটাৰ পৰা আটক কৰা আতাব আলীৰ বাসগৃহৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলে SI পৰীক্ষাৰ বহুকেইখন এডমিট কাৰ্ড জব্দ কৰে।

উল্লেখ্য যে, ৰাজ্য কঁপোৱা SI প্ৰশ্নকাকত কেলেংকাৰিৰ হটস্পট ৰূপে পৰিগণিত হৈছে নলবাৰী। আৰক্ষীৰ জালত পৰা অধিকাংশ অভিযুক্তই নলবাৰী অঞ্চলৰ। আনহাতে বিজেপি নেতা দিবন ডেকা গ্ৰেপ্তাৰ আৰু এতিয়া কংগ্ৰেছ নেতাৰ বাসগৃহত এডমিট কাৰ্ড উদ্ধাৰ কৰা কাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্য। লক্ষ্যণীয়ভাৱে শাসক-বিৰোধীৰ নেতা প্ৰশ্নকাকত কেলেংকাৰিত নাম সাঙোৰ খোৱাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।