Local, Vocal, Global

পুনৰ ভুলন্ঠিত মানৱতা, জংঘলত উদ্ধাৰ নৱজাতক

পুনৰ ভুলন্ঠিত মানৱতা। আকৌ এবাৰ মানৱ সমাজক লজ্জিত কৰা এক হৃদয়বিদাৰক ঘটনা। এইবাৰ ঘটনাৰ স্থান উত্তৰ গুৱাহাটী। উত্তৰ গুৱাহাটীৰ কলবাৰীত সংঘটিতত হৃদয় বিদাৰক ঘটনা। উত্তৰ গুৱাহাটী অভয়পুৰস্থিত গেছ বটলিং প্লান্টৰ সমীপৰ জংঘলত পানীৰ কাৰ্টুন আৰু পিয়াজৰ বস্তাৰ মাজত উদ্ধাৰ কৰে সদ্যজাত কন্যা সন্তানৰ মৃতদেহ।

উলেখ্য যে কোনোবা পাষাণ হৃদয়ৰ পিতৃ-মাতৃয়ে জীৱন্ত অৱস্থাতে নিমখ দি জংঘলত পেলাই দিছিল শিশুটো। কিন্তু দৈৱ্যক্ৰমে শিশুটিৰ কান্দোন শুনি স্থানীয়ে ৰাইজে উদ্ধাৰ কৰে। স্থানীয় ৰাইজে শিশুটিক চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে মহেন্দ্ৰ মোহন চিকিৎসা প্ৰেণ কৰিছে। ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। স্থানীয় আশাৰ কৰ্মীৰ মতে শিশুটিৰ জন্মৰ ৪-৫ ঘন্টাৰ পিছতে পাষাণ পিতৃ-মাতৃয়ে শিশুটিক জংঘলত দলিয়াই দিছিল।