Local, Vocal, Global

পলাতক পি কে দত্তৰ সম্ভেদ লাভ অসম আৰক্ষীৰ

ৰাজ্য কঁপোৱা SI প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ প্ৰতি উন্মোচিত হৈছে ন-ন তথ্য।  আৰক্ষীয়ে প্ৰতিদিনে সম্ভেদ লাভ কৰিছে এজনৰ পিছত আনজন ব্যক্তিৰ। কিন্তু লক্ষ্যণীয় ভাৱে এইবাৰ আৰক্ষীয়ে সম্ভেদ লাভ কৰিছে পলাতক পি কে দত্তৰ।

আৰক্ষীয়ে সম্ভেদ লাভ কৰিছে অসম আৰক্ষীৰ ‘MOST WANTED’ পলাতক পি কে দত্তৰ। আৰক্ষীৰ প্ৰাৰম্ভিক সম্ভেদ অনুযায়ী নেপালত আত্মগোপন কৰি আছে পলাতক পি কে দত্ত। অসম আৰক্ষীয়ে ইতিমধ্যে বৈদেশিক মন্ত্ৰ্যালয়ৰ সৈতে স্থাপন কৰিছে যোগাযোগ। আৰু SI প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ মূল অভিযুক্ত পি কে দত্ত গ্ৰেপ্তাৰৰ বাবে অধিক ক্ষিপ্ৰতাৰে আগবাঢ়িছে।

উল্লেখ্য যে পি কে দত্তৰ জীয়ৰীৰ ঘৰ নেপালত আৰু জীয়ৰীৰ ঘৰতে আত্মগোপন কৰা বুলি সন্দেহ অভিযানকাৰী অসম আৰু ক্ৰাইম ব্ৰান্সৰ।