৯ আলকায়দা গ্ৰেপ্তাৰৰ আঁৰত এগৰাকী অসম সন্তান

৯ আলকায়দা গ্ৰেপ্তাৰৰ আঁৰত এগৰাকী অসম সন্তান। ভাৰতবাসীৰ মাজত পুনৰ জিলিকিল অসম সন্তান। শনিবাৰে কেৰেলা আৰু পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ হৈছিল অলকায়দাৰ ৯ টাকৈ কুখ্যাত সন্ত্ৰাসবাদী। আৰু এই সফল অভিযানৰ আঁৰত এজন অসম সন্তান। ৯ আলকায়দা গ্ৰেপ্তাৰৰ আঁৰত অসম সন্তান শংকৰব্ৰত ৰায় মেধীয়ে। NIAৰ চলোৱা সমগ্ৰ অভিযানৰ নেতৃত্ব বহন কৰিছিল অসম সন্তান শংকৰব্ৰত ৰায় মেধীয়ে।
উল্লেখ্য যে ২০১৯ চনত কেন্দ্ৰীয় গৃহ দপ্তৰৰ পৰাই পাৰদৰ্শিতাৰ বঁটা লাভ কৰিছিল এইগৰাকী অসম সন্তানে। ২০২০ চনত NIAত যোগ দিছিল শংকৰব্ৰত ৰায় মেধীয়ে।
২০১৮ চনত বটদ্ৰৱাত সংঘটিত হোৱা ধৰ্ষণকাণ্ডৰ তদন্তৰ কৰিছিল সেই সময়ত নগাঁৱৰ আৰক্ষীৰ অধীক্ষকৰ দায়িত্বত আছিল শংকৰব্ৰত ৰায় মেধী। NIA বিষয়া শংকৰব্ৰত ৰায় মেধী সফলতাত এতিয়া দেশৰ বকুত গৌৰম্বিত কৰি তুলিছে অসমবাসীক।