Local, Vocal, Global

গৃহভূমি নলবাৰীৰ সোণকানিত স্মৰণ বীৰ শ্বহীদ মুকুন্দ কাকতিক

আজি ২০ ছেপ্তম্বৰ। ১৯৪২ৰ আজিৰ দিনটোতে স্বেচ্ছাচাৰী ইংৰাজৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ আহুতি দিছিল দুই বীৰ শ্বহীদে। গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হৈছিল বীৰাংগনা কনকলতা বৰুৱা আৰু বীৰ শ্বহীদ মুকুন্দ কাকতিয়ে৷

আজি কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ ৭৮সংখ্যক মৃত্যু বাৰ্ষিকী। প্ৰতিবছৰৰ দৰে এইবাৰো স্মৰণ বীৰ শ্বহীদ দুগৰাকীক। উল্লেখ্য যে কৰ’নাসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ উদযাপন মৃত্যু বাৰ্ষিকী। মুকুন্দ কাকতিৰ গৃহভুমি নলবাৰী জিলাৰ বৃহত্তৰ বৰভাগ মৌজাৰ সোণকানি গাঁৱতো অনুষ্টুপীয়াকৈ উদযাপন মৃত্যু বাৰ্ষিকী। স্মৃতি দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা৷ ক”ভিড প্ৰট’কলৰ নীতি-নিয়মৰ মাজেৰে নিশা নাগাৰা নামৰো আয়োজন কৰা হয় বীৰ শ্বহীদগৰাকীৰ জন্মভূমিত৷ পুৱা সংঘৰ পতাকা উত্তোলন কৰে কমাৰকুছি আৰক্ষী চকীৰ আই চি ৰাজৰ্ষী বুঢ়াগোহাঁইয়ে৷ লগতে নিশা বীৰ শ্বহীদক সুঁৱৰি বন্তি প্ৰজ্বলন কাৰ্যসূচীত ভাগ লয় স্থানীয় বিধায়ক নাৰায়ণ ডেকাই৷