আজি সুধাকন্ঠৰ ওপজা দিন….

আজি সুধাকন্ঠৰ ৯৪ সংখ্যক ওপজা দিন। পুৱাৰে পৰাই গীত-মাতৰে ৰাজ্যজুৰি স্মৰণ বিশ্ববৰেণ্য শিল্পীগৰাকীক। কালজয়ী গীত-মাতৰে শ্ৰদ্ধাঞ্জলি ৰাজ্যবাসীৰ প্ৰাণৰ শিল্পীগৰাকীক। সুধাকন্ঠৰ সমাধিক্ষেত্ৰত ওপজা দিন উদযাপনৰ ব্যাপক প্ৰস্তুতি। ক’ভিড প্ৰট্ৰ’কল মানি সুধাকন্ঠৰ সমাধিক্ষেত্ৰত ৰাজ্য চৰকাৰৰ আয়োজন ৯৪ সংখ্যক ওপজা দিন।
১৯২৬ চনৰ ৮ ছেপ্তম্বৰত শদিয়াত জন্মগ্ৰহণ কৰিছিল ভাৰতৰত্ন সংগীতসূৰ্য ডঃ ভূপেন হাজৰিকাদেৱে। কন্ঠ-সুৰ-সংগীতৰ যাদুৰে অসমবাসীক একতাৰে এনাজৰী এক কৰাৰ লগতে বিলাইছিল সমন্নয়ৰ বাণী। এসময়ত নিজৰ গীতৰে হেজাৰ শ্ৰোতা নমস্কাৰ জনোৱা প্ৰাণৰ শিল্পীগৰাকীক ৰাজ্যবাসীয়ে কৰিছে শ্ৰদ্ধাৰে স্মৰণ। MyNewsNEৰ তৰফৰ পৰা অসমীয়াৰ প্ৰাণৰো প্ৰাণ, বকুৰ আপোন, হৃদয়ৰ মণিকূটত থকা সংগীতসূৰ্যলৈ শতকোটি প্ৰণাম তথা শ্ৰদ্ধাঞ্জলি…..