Local, Vocal, Global

সুকন্ঠী গায়িকা অৰ্চনা মহন্তৰ দেহাৱসান

সুকণ্ঠী গায়িকা অৰ্চনা মহন্ত আৰু নাই৷ হেলথ চিটী হাস্পতালত শেষ নিশ্বাস ত্যাগ সুকণ্ঠী গায়িকা অৰ্চনা মহন্তৰ৷ ৭২ বছৰ বয়সত বৃহস্পতিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে সুকণ্ঠী গায়িকাগৰাকীয়ে৷ দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল অৰ্চনা মহন্ত৷ ১৪ জুলাইত ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈছিল অৰ্চনা মহন্ত৷ পিতৃ খগেন মহন্ত আৰু মাতৃ অৰ্চনা মহন্তৰ বিয়োগত ঘাটমাওৰা হ’ল কণ্ঠশিল্পী পাপন মহন্ত৷

অৰ্চনা মহন্তৰ বিয়োগত শোকস্তব্ধ সমগ্ৰ ৰাজ্য৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ ৰঞ্জিত দাস, APWৰ সভাপতি অভিজিৎ শৰ্মা আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰৰ শোকপ্ৰকাশ৷