Local, Vocal, Global

নুমলীগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি

নুমলীগড়ৰ এগৰাকী মহিলাৰ বিড়়ম্বনা। পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি । পাৰিবাৰিক কন্দল আৰু সুৰাৰ ৰাগীত মাতাল স্বামীৰ নিৰ্যাতনৰ বলি এগৰাকী মহিলা । ওৰে নিশা বোকাত পোত গৈ থাকি বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে  নুমলীগড়ৰ পাৰ্বতীপুৰৰ পুতপুতি তাঁতী নামৰ এগৰাকী মহিলাই। বৃহস্পতিবাৰে নিশা সুৰাৰ ৰাগীত মাতাল  হৈ স্বামীয়ে  নিজ পত্নীক প্ৰহাৰ কৰি মুমূৰ্ষ অৱস্থাত পেলাই থৈ আহে কাষতে থকা দৈগ্ৰোঙ নদীৰ বোকাত। পুৱা বোকাত উলংগ অৱস্থাত মহিলা গৰাকীক প্ৰত্যক্ষ কৰি একাংশ মানৱ দৰদী লোকে উদ্ধাৰ কৰে আৰু  আৰক্ষীক খবৰ  কৰি চিকিৎসাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসমাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে । বৰ্তমানেও পলাতক অৱস্থাত আছে মহিলা গৰাকীৰ স্বামী মদন তাঁতী ।