Local, Vocal, Global

অৱসৰৰ দিনাই পেঞ্চন লাভ কৰিলে ওদালগুৰি জিলাৰ ৮ শিক্ষকে

চাকৰি জীৱন সামৰি পেঞ্চনৰ বাবে দিনৰ পিছত দিন কাৰ্যালয়লৈ আহি হাবাথুৰি খোৱা ঘটনা হয়টো আপুনি বহুত দেখিছে কিন্তু ওদালগুৰি জিলাত দেখিবলৈ পোৱা গ’ল এখন সম্পুৰ্ন বিপৰীত ছবি । অৱসৰৰ দিনাই ওদালগুৰি জিলাৰ ৮ শিক্ষকক গামোছাৰ লগতে হাতত তুলি দিয়া হ’ল প্ৰভিজনেল পেঞ্চনৰ ফাইল ।চাকৰি জীৱনৰ পিছৰ সময় খিনিত বহুতৰ বাবে একমাত্ৰ ভৰষা হয় পেঞ্চন । বহুলোকৰ হয়টো ছেন্দল ক্ষয় যায় নিজৰ পেঞ্চনৰ  কামৰ  বাবে । কিন্তু আজি ওদালগুৰি বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ত ৮ গৰাকীকৈ শিক্ষকৰ হাতত  সম্বৰ্ধনাৰ লগতে হাতত প্ৰভিজনেল পেঞ্চনৰ ফাইল তুলি দিয়ে পৰিদৰ্শক ভবেন দেউৰীয়ে। বিগত দুই বছৰ ধৰি অৱসৰ লাভৰ দিনাই পেঞ্চনৰ ফাইল আগবঢ়াই আহিছে কাৰ্য্যালয়টোৱে । অৱসৰ লাভৰ দিনাই নিজৰ প্ৰভিজনেল পেঞ্চনৰ ফাইল হাতত পাই এতিয়া আনন্দিত হৈ পৰিছে অৱসৰ লাভ শিক্ষক সকল।।