Local, Vocal, Global

কলগাছিয়াত শিশুৰ সলিল সমাধি

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভিটাত একেটা পৰিয়ালৰ দুটিকৈ শিশু বানপানীত পৰি মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে ।জানিব পৰা মতে মানাহ নদীৰ বাঢ়নি পানীত বৰভিটা গাৱৰ হাফিজুৰ ৰহমানৰ দুই সন্তান ক্ৰমে শ্বাৰিফুল ইছলাম (2) আৰু ৰাবিয়া খাতুনক (4) নৈৰ সোঁতে উটুৱাই লৈ যায়। পিছলৈ ৰাইজৰ তৎপৰতাত দুয়োজনকে চান্দমামা মডেল চিকিৎসালয়লৈ লৈ যায় যদি চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে। মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফাকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। যোৱা কেবাদিন ধৰি নেৰানেপেৰাকৈ বৰষুণ হৈ থকাৰ ফলত মানাহ নদীৰ পানী বৃদ্ধি হোৱাৰ বাবে পৰিয়ালটোৰ ঘৰৰ চাৰিওফালে বানপানী হোৱাৰ বাবেই এই অঘটন হয় বুলি জানিব পৰা গৈছে।