তিতাবৰত কৰ’নাৰ সমান্তৰালকৈ জাপানীজ এনকেফেলাইটিচৰ সংহাৰ

ৰাজ্যত এতিয়া কৰ’নাৰ মহামাৰীৰ সমান্তৰালকৈ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস ৷ কেইদিনমান পূৰ্বে তিতাবৰত এগৰাকী কিশোৰী জাপানীজ এনকেফেলাইটিচত মৃত্যু হোৱাৰ পাছত সোমবাৰে পুনৰ এজনৰ মৃত্যু হ’ল জাপানীজ এনকেফেলাইটিচত।
তিতাবৰ আমগুৰি খাটৰ নিবাসী ৫০বছৰীয়া প্ৰমোদ ভৰালীৰ সোমবাৰে পুৱতি নিশা মৃত্যু হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৷ যোৰহাট চিকিৎসালয়ত সঠিক চিকিৎসা নোপোৱাৰ বাবে ব্যক্তি জনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ উল্লেখযোগ্য যে কৰ’নাত আক্ৰান্ত হোৱাৰ সন্দেহত ব্যক্তি জনক চিকিৎসা প্ৰদান নকৰি চিকিৎসালয়ত পেলাই থোৱাৰ বাবে ব্যক্তি জন অধিক অসুস্থ হৈ পৰে। কৰ’নাৰ ফলাফল নিগেটিভ ওলোৱা পিচত ব্যক্তি জনক ICU-ত ভৰ্ত্তি কৰা হয় যদিও মৃত্যুক আঁকোৱালি লয় ব্যক্তিজনে । আনহাতে স্বাস্থ্য বিভাগে উক্ত স্থান সমূহত প্ৰতিষেধক হিচাপে ফগিং, DDT ছটিওৱাৰ লগতে অঞ্চল সমূহত সজাগতা সভা অনুষ্ঠিত কৰিব লাগিছিল যদিও ,এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই তিতাবৰ স্বাস্থ্য বিভাগ তথা তিতাবৰ মহকুমা প্ৰশাসনে।যাৰ ফলত এতিয়া অধিক আতংকিত হৈ পৰিছে তিতাবৰবাসী ৰাইজ ।