Local, Vocal, Global

নামতোলাত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা

চৰাইদেউ জিলাৰ অসম নগালেণ্ডৰ সীমান্তৱৰ্তী নামতোলাত জব্দ  বৃহৎ পৰিমাণৰ বিলাতী সুৰা ।সোণাৰিৰ পৰা তিনিখন অটোত নগালেণ্ড অভিমুখে নি থকা অৱস্থাত কেইজনমান স্থানীয় সচেতন যুৱকে নামতোলা চাৰিআলিত বিলাতী সুৰা খিনি  জব্দ কৰি  গতাই দিয়ে আৰক্ষীক ।চোৰাং সুৰা ব্যৱসায়ী কেইজনৰ নাম সঞ্জয় কুমাৰ পণ্ডিত, সন্তু সিং আৰু বাপি ভৌমিক ।  সোণাৰিৰ দুখন সুৰা বিপনিৰ পৰা সুৰা খিনি ক্ৰয় কৰি নগালেণ্ডত বিক্ৰী কৰিবৰ কাৰণে নি আছিল বুলি স্বীকাৰোক্তি দিয়ে চোৰাং সুৰা ব্যৱসায়ী কেইজনে । নামতোলা আৰক্ষীয়ে তিনিওটা চোৰাং সুৰা ব্যৱসায়িক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা উদ্ধাৰ কৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা আৰু অ’ট তিনিখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।