Local, Vocal, Global

বন বিভাগৰ বিৰুদ্ধে লখিমপুৰত উত্তাল প্ৰতিবাদ

বন বিভাগৰ বিৰুদ্ধে লখিমপুৰত উত্তাল প্ৰতিবাদ। অসম-অৰুণাচল সীমান্তবৰ্তী ৰামপুৰৰ বেলবস্তিত উত্তাল প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ। জিলা বন  বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি দাহ কৰিলে জিলা বন বিষয়া যাদৱ চন্দ্ৰ নাথৰ পুত্তলিকা। বিগত বহু দিন ধৰি ৰামপুৰ বন খণ্ডৰ বেলবস্তিত আগ্ৰাসন অব্যাহত আছে অৰুণাচলৰ। ৰঙা সংৰক্ষিত বনাঞ্চলৰ এই বেলবস্তিৰ মাজেৰে অসমৰ ভূমি দখল কৰি  অৰুণাচল চৰকাৰে নিৰ্মাণ অব্যাহত ৰাখিছে বিশাল পথৰ। অৰুণাচলৰ দৈ মুখৰ পৰা কিমিন পৰ্য্যন্ত নিৰ্মাণ অব্যাহত থকা অৰুণাচলৰ এই পথটোৰ সৰহ খিনিয়েই নিৰ্মাণ হৈছে অসমৰ ভূ -খণ্ডৰ মাজেৰে। শেহতীয়াভাবে বনাঞ্চলখনৰ ৰামপুৰ বনখণ্ডৰ অধীনৰ বেলবস্তিত দ্ৰুত গতিত নিৰ্মান অব্যাহত আছে এই পথৰ কিন্তু কোনো কাণসাৰ নাই জিলা বন বিষয়া গৰাকী আৰু  জিলা প্ৰশাসনৰ। সেয়ে অসমীয়া যুব মঞ্চই ৰবিবাৰে প্ৰতিকূল বতৰকো নেওঁচি সীমান্তবৰ্তী বেলবস্তিত বন বিভাগৰ বিৰুদ্ধে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ।