১২ জুলাই এটা অভিশপ্ত দিন তীৰ্থ নগৰী হাজোৰ বাসীৰবাবে। পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে ৪টাকৈ স্থানত মথাউৰি ছিগি ত্ৰাসৰ সৃষ্টি কৰিছিল তীৰ্থ নগৰী হাজোত। বিশেষকৈ কচুৱাৰবড়ীত মথাউৰি ছিগি উটুৱাই লৈ গৈছিল বুদুৰাম ডেকাৰ আটোম-টোকাৰিকৈ সজোৱা সপোনৰ ঘৰটো। বুদৰাম ডেকাৰ ঘৰটোৰ লগতে উটুৱাই লৈ গৈছিল পশুধনকে ধৰি পৰিয়ালটোৰ সকলোবোৰ সম্পতি। পুঠিমাৰী নৈৰ ৰুষ্ট ৰূপত নিমিষতে নিচিহ্ন হৈ গৈছিল বুদুৰাম ডেকাৰ ঘৰ মাটি ভেটি। পলকতে অঘৰী হৈ পৰিছিল পৰিয়ালটো ।শেষ আশ্ৰয়স্থল হৈ পৰে মথাউৰি। পিছে এই দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত থিয় দিয়ে বিজেপি নেতা ৰাতুল শৰ্মাই। নেতা গৰাকী উপস্থিত হৈ পৰিয়ালটোক প্ৰতিশ্ৰুতি দিয়ে যে তিনি দিনৰ ভিতৰত অস্হায়ী ভাবে তেওঁৰ ব্যক্তিগত খৰচত সাজি দিব এটা ঘৰ। কথা অনুসৰি কাম শনিবাৰে কচুৱাৰবড়ী ৰাইজৰ উপস্থিতিত অস্হায়ী ঘৰটো আনুষ্ঠানিক ভাৱে বুদুৰাম ডেকাৰ পৰিয়ালক গটাই দিয়ে ৰাতুল শৰ্মাই। এই দুৰ্যোগৰ সময়ত বিজেপি নেতা ৰাতুল শৰ্মাৰ এই মহানুভৱতাক সকলোৱে শলাগিছে।