বৰপেটাত অপৰিৱৰ্তিত বান পৰিস্থিতি, তীব্ৰ খাদ্য সংকটত আশ্ৰয় শিৱিৰ

বৰপেটাৰ জনীয়া আৰু বাঘবৰত অপৰিৱৰ্তিত বান পৰিস্থিতি। পানী কমিলেও এতিয়াও আতৰাই নাই সংকট । বান শিৱিৰত তীব্ৰ খাদ্য সংকট। বানপানীৰ সমস্যা সমাধানৰ লগতে বানাক্ৰান্তক উদ্ধাৰৰ ক্ষেত্ৰতো অসম চৰকাৰ ব্যৰ্থ বুলি মন্তব্য বিধায়ক হাফিজ ৰফিকুল ইছলামৰ।
উজনি-নামনি সমগ্ৰ অসমতে বানপানীৰ বিভীষিকাই সৰ্বসাধাৰণ ৰাইজক জীয়াতু ভোগাইছে। ব্ৰহ্মপুত্ৰ আৰু বেঁকী নৈৰ পানী কিছু পৰিমানে কমিছে যদিও বৰপেটা জিলাৰ জনীয়া আৰু বাঘবৰ সমষ্টিৰ হেজাৰ হেজাৰ লোক এতিয়াও জলবন্দী। ঘৰৰ চালিলৈকে পানী থকাত বিভিন্ন ঠাইত আবদ্ধ হৈ আছে প্ৰতিটো পৰিয়ালৰ কণ-কণ ল’ৰা-ছোৱালীৰ সৈতে পশুধনো। বানাক্ৰান্তই ওখ ঠাই নাইবা ওখ ভেটিত থকা শিৱিৰত আশ্ৰয় গ্ৰহণ কৰিছে যদিও শিৱিৰে শিৱিৰে আশ্ৰয় গ্ৰহণ কৰা বানাক্ৰান্তৰ মাজত দেখা দিছে তীব্ৰ খাদ্য সংকট। শৌচাগাৰ, বিশুদ্ধ খোৱাপানী, স্বাস্থ্য সেৱা আদি নথকাত শিৱিৰ সমূহত দেখা দিছে নানা বেমাৰে। কিন্তু এই সমস্যা সমূহ সমাধান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে। লগতে বানত আৱদ্ধ হৈ থকা বানাক্ৰান্ত ৰাইজক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে। এই ক্ষেত্ৰত অতিসোনকালে শিৱিৰ সমূহক স্বীকৃতি প্ৰদান কৰি পৰ্যাপ্ত খাদ্য, বিশুদ্ধ খোৱাপানী, স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰাৰ বাবেও দাবী জনাই।