Local, Vocal, Global

বজালীৰ বান বিধ্বস্ত ৩ টা পৰিয়াললৈ টিনপাত বিতৰণ সাদেৰী গাঁও পঞ্চায়তৰ

সমগ্ৰ ৰাজ্যতে বানৰ বিভীষিকা।পানী কমিল যদিও বৰ্তমানেও বানবিধ্বস্ত বজালীৰ কলৰগুড়িৰ কেবাটাও পৰিয়ালৰ সীমাহীন দুৰাৱস্থা। কিন্তু এনে সময়তে বানত সমস্ত হেৰুৱা তিনিটা পৰিয়ালৰ ত্ৰাণকৰ্তা হৈ আগবাঢ়ি আহিছে সাদেৰী গাঁও পঞ্চায়ত। বানৰ কৱলত গৃহ হাৰা হোৱা কলৰগুড়িৰ ৩ টা পৰিয়াললৈ টিনপাত যোগান ধৰে সাদেৰী গাঁও পঞ্চায়তৰ। বজালী খণ্ড উন্নয়ন বিষয়া অপূৰ্ব চক্ৰৱৰ্তীৰ, বজালী চক্ৰ বিষয়া সংগীতা শৰ্মা, কাৰ্য্যবাহী দণ্ডাধীশ দিৱস বৰদলৈৰ উপস্থিতিত এই টিনপাতসমূহ বিতৰণ কৰে । উল্লেখযোগ্য যে কলৰগুড়িত পহুমৰা নদীৰ মথাউৰি ভাগি এটা পকী ঘৰ ভাগি উটুৱাই লৈ যোৱাৰ লগতে কেবাটাও বাসগৃহ ভাগি ক্ষতিগ্ৰস্ত কৰিছিল ।