Local, Vocal, Global

২.০৩ কোটি গ্ৰাহকেৰে অধিক শক্তিশালী হ’ল বন্ধন বেংক

  • লকডাউনৰ মাজতো ব্যৱসায় বৃদ্ধি বন্ধন বেংকৰ
  • ৩৫.৩০ শতাংশ বৃদ্ধিৰে ৬০,৬১০ কোটি মুঠ জমা
  • প্ৰদান কৰা ঋণৰ পৰিমাণ ৭৪৩৩১ কোটিলৈ বৃদ্ধি

কলকতাঃ

২০২০-২১ বিত্তীয়বর্ষৰ প্ৰথম কোৱাৰ্টাৰৰ লাভালাভ ঘোষণা কৰিলে বন্ধন বেংকে ৷ এই কোৱাৰ্টাৰত বেংকটোৰ মুঠ ব্যৱসায়ৰ পৰিমাণ ২৪.৯৯ শতাংশ বৃদ্ধিৰে হ’লগৈ ১,৩৪,৯৪১ কোটি টকা ৷ ২০১৫-১৬ বিত্তীয়বর্ষত আৰম্ভ হোৱা বেংকটোৱে আগষ্ট ৫ বছৰত ভৰি দিব ৷ মাত্ৰ ৫ বছৰতে বেংকটোৰ মুঠ শাখা হ’বগৈ ৪৫৫৯ টা আৰু মুঠ গ্ৰাহক হ’লগৈ ২.০৩ কোটি ৷ বন্ধন বেংকত কৰ্মৰত হৈ আছে ৪১,৫৬৩ গৰাকী কৰ্মচাৰী ৷ বিগত বৰ্ষৰ শেষ কোৱাৰ্টাৰৰ পৰা শেহতীয়া কোৱাৰ্টালৈ বেংকটোৰ জমা ধনৰাশিৰ পৰিমাণ বৃদ্ধি পালে ৩৫.৩০ শতাংশ ৷ এই বৃদ্ধিৰ ফলত মুঠ জমাৰ পৰিমাণ হ’লগৈ ৬০,৬১০ কোটি টকা ৷ কাৰেণ্ট একাউণ্ট আৰু চেভিং একাউণ্টৰ জমাৰ পৰিমাণ ৪৭.৩০ শতাংশ বৃদ্ধিৰে হ’লগৈ ২২,৪৭৩ কোটি টকা ৷ CASA অনুপাত হৈছেগৈ ৩৭.০৮ শতাংশ ৷ বেংকটোৰ আগধন হিচাপত দেখাগৈছে ১৭.৬৮ শতাংশ বিকাশ ৷ মুঠ ঋণৰ পৰিমাণ হৈছেগৈ ৭৪,৩৩১ কোটি টকা ৷ মুঠ এন পি এ মাত্ৰ ০.৪৮ শতাংশ ৷ কেপিটেল এডিকুৱেচি ৰেচিঅ’ হৈছেগৈ ২৭.২৯ শতাংশ, যি বেংকটোৰ আৰ্থিক সুস্থিৰতা প্ৰতিপন্ন কৰিছে ৷

প্ৰথম কোৱাৰ্টাৰৰ ফলাফলৰ ওপৰত  বেংকটোৰ পৰিচালন সঞ্চালক তথা মুখ্য কৰ্য্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষে মন্তব্য কৰে – ‘প্ৰথম কোৱাৰ্টাৰত সমগ্ৰ দেশ লকডাউনৰ কবলত আছিল৷ এই সময়চোৱাতো চৰকাৰৰ সকলো নিৰ্দেশ মানি আমাৰ শাখাবোৰে কাম-কাজ চলাই আছিল ৷ আমি আমাৰ গ্ৰাহকসকলক এই সংকটৰ সময়ত নিৰন্তৰ সেৱা আগবঢ়াই যোৱাটো নিশ্চিত কৰিছিলো ৷ প্ৰথম কোৱাৰ্টাৰৰ ফলাফলৰ পৰা বন্ধন বেংকৰ সুদৃঢ় আকৌ এবাৰ প্ৰতিপন্ন হ’ল ৷ আমাৰ ওপৰত প্ৰদর্শন কৰা অবিৰত আস্থাৰ বাবে আমি আমাৰ গ্ৰাহক, শুভাকাংক্ষী আৰু অংশীদাৰসকলৰ ওচৰত কৃতজ্ঞ৷’