Local, Vocal, Global

ভিডিঅ’ কনফাৰেঞ্ছসিংৰ  জড়িয়তে থানা উদ্বোধন মুখ্যমন্ত্ৰী

অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত অসমৰ টিয়ক , শিৱসাগৰ  , সৰুপথাৰ এই তিনিখন থানা উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ ১৫ জুলাইত টিয়ত থানাত উপস্থিত হৈ টীয়ক থানাৰ  পৰাই  সৰুপথাৰ , শিৱসাগৰ থানা কেইখন ভিডিঅ’ কনফাৰেঞ্ছসিংৰ  জড়িয়তে  উদ্বোধন কৰে ৷

১৯৬৫ চনতে স্থাপিত হোৱা  সৰুপথাৰ আৰক্ষী থানাখনো  মৈত্ৰী আঁচনিৰ অধীনত ২০১৭ চনৰ নৱেম্বৰ মাহৰ পৰা নিৰ্মাণকাৰ্য্য আৰম্ভ কৰি ২০১৯ চনৰ মে মাহত নিৰ্মাণ কাৰ্য্য সম্পুৰ্ণ হয় ৷ মহামাৰী কৰ’না ভাইৰাছৰ ভয়ৱহতাৰ প্ৰতি লক্ষ্য ৰাখি  সামাজিক দুৰত্ব বজাই ৰাখি বুধবাৰে  সৰুপথাৰ সদৰ আৰক্ষী থানা চৌহদত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম আৰক্ষীৰ শীৰ্ষ বিষয়া (ডি আই জি) সত্য ৰাজ হাজৰিকা | মুখ্যমন্ত্ৰীয়ে টিয়কৰ পৰা ভিডিঅ কনফাৰেঞ্চৰ জৰিয়তে থানা ভৱন উদ্বোধন কৰাৰ পিছত সৰুপথাৰ আৰক্ষী থানা ভৱনটিৰ দ্বাৰ ফিতা কাটি উন্মোচন কৰে ডি আই জি সত্যৰাজ হাজৰিকাই |