বানত জীৱকুলৰ বিলৈ

চৌদিশে বানৰ বিভীষিকা । বনৰীয়া জীৱ-জন্তবোৰে বনাঞ্চলৰ পৰা ওখ ঠাই বিচাৰি জনাঞ্চললৈ প্ৰৱেশ কৰিছে । যোৱা তিনিদিনত স্থানীয় ৰাইজে ১৭ টা পহু উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ১২ জুলাই তাৰিখে ৬টা , ১৩ তাৰিখে ৭টা আৰু আজি ৪ টা পহু উদ্ধাৰ হয় ।উল্লেখ যে যোৱা ২৪ ঘন্টাত তেজপুৰৰ বিভিন্ন প্ৰান্তত ১৩টা পহু উদ্ধাৰ হৈছিল । তেজপুৰৰ ডিপোটা নৈৰ বানত উটি অহা এটা পহু ৰাইজে উদ্ধাৰ কৰি বনবিভাগক চমজাই দিয়ে । একেদৰে তেজপুৰ বেচেৰিয়াৰ নৰেশ্বৰী থানৰ সমীপৰ ৰাতুল নাথ নামৰ লোক এজনে সোমবাৰে নিশা এটি কনমানি পহু পোৱালি উদ্ধাৰ কৰি বনবিভাগক খবৰ দিয়াত বনবিভাগে পহু পোৱালিটোক কাজিৰঙাৰ উদ্ধাৰ কেন্দ্ৰত জমা দিয়ে ।