Local, Vocal, Global

গা-লৰিল চৰকাৰৰ..

মহানগৰীৰ মাজমজিয়াত জাতীয় পুৰোধাৰ স্মৃতি ৰক্ষাৰ যুঁজ।কাণ্ডজ্ঞানহীন চৰকাৰী আচৰনত স্তম্ভিত বিদ্বত সমাজ। অসমীয়া ভাষা-সাহিত্যৰ অন্যতম কাণ্ডাৰী পণ্ডিত প্ৰয়াত ড: বাণীকান্ত কাকতিৰ স্মৃতিৰক্ষাৰ নামত শেহতীয়াকৈ চৰকাৰী কৰ্তৃপক্ষই প্ৰদৰ্শণ কৰা চৰম কাণ্ডজ্ঞানহীনতাক লৈ চৌদিশে নিন্দাৰ জোৱাৰ উঠাৰ পাছত আত্মসংশোধনৰ পথ লবলৈ বাধ্য হ’ল চৰকাৰ।


উল্লেখযোগ্য যে উলুবাৰীৰ ভৰলু নৈৰ পাৰতে আছে জাতীয় জীৱনৰ পুৰোধা পণ্ডিত ড: বাণীকান্ত কাকতিৰ স্মৃতিসৌধ। কেৱল স্মৃতি ৰক্ষাৰ তাগিদাতহে থিয় দি থকা স্মৃতিসৌধটোও ক্ৰমাৎ সোমাই পৰিছে বিস্মৃতিৰ গৰ্ভত। প্ৰয়াত বিদগ্ধ পণ্ডিত গৰাকীৰ নামেৰেই নামকৰণ হোৱা উলুবাৰীৰ বি কে কাকতি পথেৰে নিতৌ অহা-যোৱা কৰোতে স্মৃতিসৌধটোৰ এলাগী ৰূপ দেখি হতাশাত ভোগে পৰিয়ালৰ লোকে। ভাবিছিল কেতিয়াবা হয়তো স্মৃতিসৌধটোৰ সুৰক্ষাৰ প্ৰতি চৰকাৰৰ দৃষ্টি উদয় হ’ব ।


কিন্তু সমগ্ৰ বিদ্বত সমাজক হতভম্ব কৰি চৰকাৰি পৃষ্ঠপোষকতাত সোমবাৰে স্মৃতিসৌধৰ দাঁতিতে অসমীয়াৰ জাতীয় পুৰোধা গৰাকীৰ নামত মুকলি কৰা হ’ল এখন ৰাজহুৱা শ্মশান।নিমিষতে বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া-নিন্দাৰ জোৱাৰ উঠিল চ’ছিয়েল মিডিয়াত।প্ৰশ্ন উঠিল এগৰাকী মহান মনিষীৰ নামত নামকৰণৰ ধৃষ্টতা কৰা শ্মশানখন মুকলি কৰাৰ মুহূৰ্তত এবাৰো কুন্ঠাবোধ ন’হলনে মুখ্য অতিথিৰূপী গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীগৰাকীৰ?


মন্ত্ৰীগৰাকীয়ে বিষয়টোত কৰ্ণপাত নকৰিলেও চ’ছিয়েল মিডিয়াত কটু সমালোচনাৰ সন্মুখীন হৈ অৱশেষত সদ্য উন্মোচিত উলুবাৰী বৈদ্যুতিক শ্মশানখনৰ পৰা নামফলক আতৰোৱাৰ নিৰ্দেশ দিবলৈ বাধ্য হ’ল মুখ্যমন্ত্ৰীয়ে। নামফলক আঁতৰিলেও অৱশ্যে চ’ছিয়েল মিডিয়াৰ পৰা এতিয়াও আতৰা নাই বিতৰ্কৰ।

ইফালে বিতৰ্কিত বিষয়টো সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া স্বৰূপে নিজৰ ফেচবুক পেজত এখন পুৰনি নিমন্ত্ৰণী পত্ৰ প্ৰকাশ কৰিছে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টচাৰ্যই।২০১৫ চনৰ নিমন্ত্ৰণী পত্ৰখনত সেই বছৰৰ ৩০ ডিচেম্বৰত উলুবাৰীৰ শ্মশান চৌহদত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ড:বাণীকান্ত কাকতি বৈদ্যুতিক শ্মশান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ কথা উল্লেখ আছে।পত্ৰখন প্ৰকাশ কৰি বিষয়টো বিচাৰৰ বাবে ৰাইজক আহ্বান জনাইছে মন্ত্ৰী ভট্টচাৰ্যই ।