Local, Vocal, Global

গৃহ কন্দলৰ ভয়ংকৰ পৰিণতি, নৈত জাপ দুই সন্তানৰ মাতৃৰ

গৃহ কন্দলৰ আন এক ভয়কৰ পৰিণতি | ভয়ংকৰ ৰূপ ধাৰণ কৰা পুঠিমাৰী নৈত জাপ দুই সন্তানৰ মাতৃ | স্বামী লগত কাজিয়াৰ বাবে ঘৰৰ পৰাই ওলাই আহি মঙলবাৰে দুপৰীয়া পুঠিমাৰী নদীত জাপ দিয়ে এগৰাকী মহিলাই | নৈৰ কোৱাল সোতে প্ৰায় ২ কিলোমিটাৰ উটুৱাই লৈ যায় মহিলা গৰাকীৰ |

অৱশেষত পুঠিমাৰীৰ দুই সাহসী যুৱকে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি জীৱন্তে উদ্ধাৰ কৰে মহিলা গৰাকী | পুঠিমাৰীৰ ৰাজীৱ ডেকা আৰু শিৱ ডেকা নামৰ যুৱকদ্বয় নিজৰ জীৱনৰ কথা নাভাৱি নৈৰ সোঁতৰ পৰাই উদ্ধাৰ কৰে মহিলা গৰাকী | মহিলাগৰাকীক ততাতৈয়াকৈ চিকিতসাৰ বাবে কমলপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিতসালয়লৈ প্ৰেৰণ কৰে মহিলা গৰাকী | যুৱকদ্বয় এই দায়িত্বশীলতাৰ বাবে জীৱন্তে উদ্ধাৰ হ’ল এগৰাকী মহিলা |