Local, Vocal, Global

IPLয়ে লাভ কৰিলে নতুন টাইটল স্পনচৰ

IPLয়ে লাভ কৰিলে নতুন অফিচিয়েল টাইটল স্পনচৰ। আগন্তক IPLৰ স্পনচৰ কৰিব Dream11য়ে। ভাৰত-চীনৰ বিবাদৰ পাছতে IPLৰ স্পনচৰ VIVO লগত সম্পৰ্ক চেদ কৰিছিল। তেতিয়াৰে পৰাই IPLৰ নতুন স্পনচৰ সন্দৰ্ভত চৰ্চা অব্যাহত আছিল। অফিচিয়েল টাইটল স্পনচৰ দৌৰত আছিল BYZUS, পটঞ্জলিকে ধৰি বহুতো দেশী-বিদেশী কোম্পানী। কিন্তু সকলো চৰ্চাৰ অন্ত পেলাই আজি IPL গৱৰ্ণিক কাউন্সিলয়ে Dream11ক টাইটল স্পনচৰ হিচাপে ঘোষণা কৰে। IPL গৱৰ্ণিক কাউন্সিলৰ চেয়াৰমেন ব্ৰীজেচ পাটিলে IPL-ৰ টাইটল স্পনচৰ Dream11ক প্ৰদান কৰা বুলি ঘোষণা কৰে।৭০২ কোটিৰ টকাৰ বিনিময়ত Dream11য়ে ৩বছৰৰ বাবে IPL-ৰ টাইটল স্পনচৰ লাভ কৰিছে। প্ৰথম বছৰত ২২২কোটি, দ্বিতীয় বছৰত ২৪০ কোটি আৰু তৃতীয় বছৰতো ২৪০ কোটি টকাৰ বিনিময়ত IPL-ৰ সৈতে Dream11য়ে স্পনচৰ চুক্তি সম্পাদনা কৰিছে। DLF, PEPSI, আৰু VIVOৰ পিছত ক্ৰিকেট অনুৰাগীয়ে উপভোগ কৰিব পাৰিব এইবাৰ Dream11 IPL